• Home
  • »
  • News
  • »
  • world
  • »
  • Euro 2020ৰ চেম্পিয়ন ইটালী, ফাইনেলত উজলিল ৩৪ বছৰীয়া বোনুচ্চি ! খেলৰ ২ মিনিটতে লিউকে ইংলেণ্ডক অগ্ৰগতি দিলেও ৫৫বছৰীয়া অপেক্ষাৰ অৱসান নহ'ল...

Euro 2020ৰ চেম্পিয়ন ইটালী, ফাইনেলত উজলিল ৩৪ বছৰীয়া বোনুচ্চি ! খেলৰ ২ মিনিটতে লিউকে ইংলেণ্ডক অগ্ৰগতি দিলেও ৫৫বছৰীয়া অপেক্ষাৰ অৱসান নহ'ল...

ইটালীয়ে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ খিতাপ জিকিছে। EURO 2020ৰ ফাইনেলত, দলটোৱে পেনাল্টি শ্বুট আউটত ইংলেণ্ডক ৩-২ গ'লত পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ'লত দ্ৰ হৈ আছিল।

  • Share this:
ইটালীয়ে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ খিতাপ জিকিছে। EURO 2020ৰ ফাইনেলত, দলটোৱে পেনাল্টি শ্বুট আউটত ইংলেণ্ডক ৩-২ গ'লত পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ'লত দ্ৰ হৈ আছিল। ইংলেণ্ডে ৫৫ বছৰ ধৰি কোনো খিতাপ জয় কৰা নাই। ইটালীয়ে ইয়াৰ আগতে ১৯৬৮ চনত ইউৰো কাপ খিতাপ জিকিছিল। ইটালীয়ে ৩৪ খন খেলত কোনো খেলত পৰাজিত হোৱা নাই।

লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত ইংলেণ্ডে ফাইনেলত ভাল আৰম্ভণি কৰিছিল৷ খেলৰ দ্বিতীয় মিনিটতে লিউক শ্ব'য়ে (Luke Shaw) গ'ল কৰি দলটোক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে৷ ইউৰো কাপ ইতিহাসৰ ফাইনেলৰ এইটো দ্ৰুততম গ'ল। লিউক শ্ব'য়ে ১ মিনিট ৫৭ ছেকেণ্ডত গ'ল কৰিছিল। ইয়াৰ পূৰ্বে ১৯৬৪ চনত ৰাছিয়াৰ বিৰুদ্ধে ফাইনেলৰ ষষ্ঠ মিনিটত স্পেইনৰ যীশু মাৰিয়াই গ'ল কৰে। ৬৭ মিনিটত ইটালীৰ লিওনাৰ্ডো বোনুচ্চিয়ে গ'ল কৰি ১-১ ত সমতা অৰ্জন কৰে। ৩৪ বছৰীয়া বোনুচ্চি ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ পুৰণি খেলুৱৈ হিচাপে পৰিগণিত হয়।  নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ'লত দ্ৰ হৈ আছিল।আনকি অতিৰিক্ত ৩০ মিনিটতো, দুয়োটা দলে গ'ল কৰিব নোৱাৰিলে।

ইউৰো কাপৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাখনৰ ফলাফল পেনাল্টি শ্বুটআউটৰ পৰা আহিছিল। ইয়াৰ আগতে, ১৯৭৬ চনত পেনাল্টিত ফলাফল লাভ কৰিছিল। পেনাল্টি শ্বুটআউটত ইংলেণ্ডৰ হেৰী কেইন, হেৰী মাগুৰে গ'ল কৰাৰ বিপৰীতে মাৰ্কাছ ৰেছফৰ্ড, জেডেন চাঞ্চো আৰু বুকায়ো চাকাই গ'ল কৰিব নোৱাৰিলে। ইটালীৰ হৈ ডমিনিক বেৰাৰ্ডি, লিওনাৰ্ডো বোনুচ্চি, ফেড্ৰিকোৱে গ'ল কৰে। আন্দ্ৰেই বেলোটি, জৰ্গেনহোৱে গ'ল কৰিব নোৱাৰিলে।
Published by:Kokil Sarma
First published: