টেনিছ জগতত খলকনি তুলিছে শেহতীয়া এটি খবৰে। কিছুদিনধৰি সন্ধানহীন হৈ আছে চীনৰ টেনিছ খেলুৱৈ পেং চুৱাই (Peng Shuai Missing)। ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জা (Sania Mirza)ৰ ডাবলছ পাৰ্টনাৰ আছিল পেং চুৱাই। আমেৰিকাৰ প্ৰাক্তন তাৰকা টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছে (Serena Williams) টুইটাৰযোগে এই কথা ৰাজহুৱা কৰাৰ পিছৰে পৰা বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে।
উল্লেখ্য যে চীনৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী (Ex Deputy Prime Minister of China) ঝাং গাওলিৰ বিৰুদ্ধে দুসপ্তাহ পূৰ্বে যৌন নিৰ্যাতন (Sexual Harrasmen)ৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ পিছৰে পৰা নিখোজ হৈ আছে পেং চুৱাই। অৱশ্যে খেলুৱৈগৰাকীৰ ইমেইলৰ পৰা তেওঁ সুৰক্ষিত আছে বুলি এক বাৰ্তা দিয়া হৈছে যদিও ইয়াক লৈ আশ্বস্ত হ'ব পৰা নাই কোনো। এই ইমেইলটোত খেলুৈগৰাকীয়ে সুৰক্ষিত থকা বুলি লিখাৰ লগতে যৌন নিৰ্যাতনৰ ঘটনাকো মিছা বুলি খণ্ডন কৰা হৈছে। বিশ্বজুৰি এতিয়া পেং চুৱাইৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী উত্থাপন হৈছে।
আন্তৰাষ্ট্ৰীয় মহিলা টেনিছ সংঘ (International Woman Tennis Association)ৰ অধ্যক্ষ ষ্টিভ ছাইমনে এই মেইলটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু চীনৰ পৰা উচিত উত্তৰ বিচাৰিছে। আনহাতে এই আলোড়নকাৰী খবৰক লৈ চীনৰ বিদেশ মন্ত্ৰালয় জ্ঞাত নহয় বুলি জনায় মুখপাত্ৰ ঝাও লিজিয়ানে। তেওঁ কয় যে এইটো কোনো ৰাজনৈতিক প্ৰশ্ন নহয় আৰু তেওঁ এই বিষয়ে জ্ঞাত নহয়।
উল্লেখ্য যে ছেৰেণা উইলিয়ামছৰ লগতে নোভাক জোকোভিচ আৰু নাওমি ওছাকাৰ দৰে খেলুৱৈেও পেং চুৱাইৰ সুৰক্ষাক লৈ ছচিয়েল মিডিয়াত পোষ্ট কৰিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : November 20, 2021, 09:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।