உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • প্ৰথমবাৰ বিশ্বকাপ দখল ইলেণ্ডৰ, বাউণ্ডেৰী বেছিকৈ কোবোৱাৰ বাবে জয়ী ইংলেণ্ড

    প্ৰথমবাৰ বিশ্বকাপ দখল ইলেণ্ডৰ, বাউণ্ডেৰী বেছিকৈ কোবোৱাৰ বাবে জয়ী ইংলেণ্ড

    বিশ্বকাপ ক্ৰিকেটৰ শ্বাসৰূদ্ধকৰ ফাইনেলত শেষ হাঁহি আয়োজক দেশৰ।

    বিশ্বকাপ ক্ৰিকেটৰ শ্বাসৰূদ্ধকৰ ফাইনেলত শেষ হাঁহি আয়োজক দেশৰ।

    বিশ্বকাপ ক্ৰিকেটৰ শ্বাসৰূদ্ধকৰ ফাইনেলত শেষ হাঁহি আয়োজক দেশৰ।

    • Share this:
      আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপ ২০১৯ৰ চূড়ান্ত মেছ আছিল অতি শ্বাসৰূদ্ধকৰ আৰু ৰোমাঞ্চকৰ। নিউজীলেণ্ড আৰু ইংলেণ্ডৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে খেল অন্তিমটো বলত ড্ৰ’ হৈছিল। ইয়াৰ পিছত ছুপাৰ অভাৰৰ সিদ্ধান্তমৰ্মে ভাগ্য সুপ্ৰসন্ন হয় ইংলেণ্ড দলৰ। ক্ৰিকেটৰ জন্মদাতা দেশখন প্ৰথমবাৰলৈ বিশ্ব ক্ৰিকেটৰ চেম্পিয়ন হয়। প্ৰথমে বেটিং কৰি নিউজীলেণ্ডে ২৪১ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে ২৪১ৰাণ কৰে নিৰ্ধাৰিত অভাৰত। ছুপাৰ অভাৰলৈ সিদ্ধান্ত ঠেলি দিয়া হয় আৰু ছুপাৰ  অভাৰত ৬টা বলত ১৫ৰাণ কৰে ইংলেণ্ডে। ইয়াৰে দুটা আছিল বাউণ্ডেৰী। ১৬ৰাণৰ লক্ষ্য লৈ খেলা কিৱি বাহিনীয়েও ১৫ৰাণেই সংগ্ৰহ কৰে কিন্তু বাউণ্ডেৰী বেছিকৈ কোবোৱাৰ বাবে ইংলেণ্ডক বিজয়ী ঘোষণা কৰা হয়। সমগ্ৰ খেলত ইংলেণ্ডে ২৬টা আৰু নিউজীলেণ্ডে ১৭টা বাউণ্ডেৰী কোবায়।

      ইংলেণ্ডে প্ৰথমবাৰ বিশ্বকাপ জয় কৰে। একেদৰে তৃতীয়বাৰলৈ কোনোবা আয়োজক দেশে নিজৰ ঘৰত অনুষ্ঠিত বিশ্বকাপ জয় কৰিছে। ২০১৫চনত ফাইনেলত পৰাস্ত হোৱা নিউজীলেণ্ডৰ ভাগ্য আকৌ এবাৰ ৱৰ্ল্ডকাপৰ ফাইনেলত সুপ্ৰসন্ন নহ’ল।

      ইংলেণ্ডৰ কাৰণে এই মেচত সকলোতকৈ অধিক ৰাণ ষ্টকছে কৰে। তেওঁ ৯৮ৰাণত পাঁচটা চাৰি আৰু দুটা ছয় কোবাই অপৰাজিত থাকি ৮৪ৰাণ কৰে। জ’ছ বাটলাৰে ৫৯ৰাণ কৰে। টছ জিকি প্ৰথমে বেটিং কৰা নিউজীলেণ্ড দলৰ হেনৰী নিক’লাছে অৰ্ধশতক কৰে। কিৱি বাহিনীয়ে ৮টা উইকেট হেৰুৱাই ৫০ অভাৰত ২৪১ৰাণ সংগ্ৰহ কৰে। নিক’লাছে ৭৭টা বল খেলি চাৰিটা চাৰিৰ সহায়ত ৫৫ৰাণৰ ইনিংছ খেলে। টম লথমে ৪৭ৰাণ আৰু কেপ্তেইন কেন উইলিয়ামছে ৩০ৰাণৰ সহযোগ কৰে। ইংলেণ্ডৰ হৈ ক্ৰিছ ৱক্স আৰু লিয়াম প্লেনকেটে তিনিটা–তিনিটা উইকেট সংগ্ৰহ কৰে।
      First published: