আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ মাজত আজিৰ পৰা আৰম্ভ হৈছে একমাত্ৰ টেষ্ট মেচ
আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ মাজত আজিৰ পৰা আৰম্ভ হৈছে একমাত্ৰ টেষ্ট মেচ
লণ্ডনৰ ঐতিহাসিক লৰ্ডছত আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ মাজত বুধবাৰৰ পৰা আৰম্ভ হৈছে একমাত্ৰ টেষ্ট মেচখন।কিন্তু মেচখনত প্ৰথমে বেট ধৰি ইংলেণ্ডে অতি শোচনীয় বেটিং প্ৰদৰ্শন আগবঢ়ায়। মেচখনৰ প্ৰথমদিনা প্ৰথম ইনিংছত ইংলেণ্ডে প্ৰথমে বেট ধৰি মাত্ৰ ৮৫ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি আয়াৰলেণ্ডে এতিয়ালৈকে এটা উইকেট হেৰুৱাই ৩২ ৰান সংগ্ৰহ কৰিছে।
বিশ্ব চেম্পিয়ন ইংলেণ্ডৰ এই লজ্জাজনক বেটিং প্ৰদৰ্শনকলৈ এতিয়া ছচিয়েল মিডিয়াতো চলিছে সৰব চৰ্চা। ইংলেণ্ডৰ প্ৰথম ইনিংছত সৰ্বাধিক ২৩ ৰানৰ বৰঙণী আগবঢ়াই জ’ ডেনলীয়ে। মেচখনত ইংলেণ্ডৰ ৭ জন বেটচমেনে আয়াৰলেণ্ডৰ বিধ্বংসী বলিঙৰ সন্মুখত দহকৰ ঘৰে স্পৰ্শ কৰিব নোৱাৰিলে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|