হু হুৱাই বাঢ়িছে নতুন কোৰোণা, তিনি সপ্তাহৰ সম্পূৰ্ণ লকডাউন...

বৰিছ জনছনৰ ভয় এতিয়াই যদি লেকাম টানিব নোৱাৰিলে ব্ৰিটেইনৰ স্বাস্থ্যব্যৱস্থাৰ দুৰ্গতি হ’ব।
বৰিছ জনছনৰ ভয় এতিয়াই যদি লেকাম টানিব নোৱাৰিলে ব্ৰিটেইনৰ স্বাস্থ্যব্যৱস্থাৰ দুৰ্গতি হ’ব।
- News18 Assam
- Last Updated: January 5, 2021, 1:43 PM IST
সোমবাৰে দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াই বৰিছ জনছনে টীকাকৰণ যুদ্ধত ব্ৰিটেইনৰ ভূমিকাৰ কথা উল্লেখ কৰি কয়, "আমি ক’ভিডৰ সমস্ত প্রতিকুলতাৰ সৈতে খুব ভালকৈ যুদ্ধ কৰিছো। কিন্তু এতিয়া উদ্বেগ বাঢ়িছে। জাতীয় স্বাস্থ্য ব্যৱস্থাক ঠিককৈ ৰাখিবলৈ, জীৱন ৰক্ষা কৰিবলৈ এই মুহূৰ্তত ঘৰত থকা উচিত।" বুধবাৰৰ পৰা আৰম্ভ হ’ব এই লকডাউন, চলিব ফেব্ৰুৱাৰীৰ মাজলৈকে।
ব্ৰিটিশ প্ৰধানমন্ত্ৰীয়ে কয়, যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা বেয়া অৱস্থা হাস্পতালসমূহৰ। এই অৱস্থাত তেওঁ ক’ভিড ভেৰিয়েণ্টটো নিয়ন্ত্ৰণৰ কাৰণে কঠোৰ ব্যৱস্থা লোৱাৰ কথা কয়। তেওঁ কয়, এই মুহুর্তত নতুন কোৰোণাত আক্ৰান্ত হৈ অন্ততঃ ২৭হাজাৰ জন লোক হাস্পতালত ভৰ্তি হৈ আছে।