• Home
  • »
  • News
  • »
  • world
  • »
  • প্ৰথমবাৰলৈ বিশ্বকাপ জিকাৰ পিছতো ইংলেণ্ডত দেখা নগ’ল বিজয়োৎসৱ!

প্ৰথমবাৰলৈ বিশ্বকাপ জিকাৰ পিছতো ইংলেণ্ডত দেখা নগ’ল বিজয়োৎসৱ!

প্ৰথমবাৰলৈ ইংলেণ্ডে এই ইতিহাস সৃষ্টি কৰিলে যদিও দেশখনত দেখা নহ’ল কোনো বিজয়োৎসৱ।

প্ৰথমবাৰলৈ ইংলেণ্ডে এই ইতিহাস সৃষ্টি কৰিলে যদিও দেশখনত দেখা নহ’ল কোনো বিজয়োৎসৱ।

প্ৰথমবাৰলৈ ইংলেণ্ডে এই ইতিহাস সৃষ্টি কৰিলে যদিও দেশখনত দেখা নহ’ল কোনো বিজয়োৎসৱ।

  • Share this:
    আই চি চি বিশ্বকাপ ২০১৯ত প্ৰথমবাৰলৈ চেম্পিয়ন হ’ল ইংলেণ্ড। লৰ্ডছৰ খেলপথাৰত ৰোমাঞ্চকৰ খেলত কিৱি বাহিনীক পৰাস্ত কৰি প্ৰথমবাৰলৈ ইংলেণ্ডৰ দলটোৱে হাতত তুলি ল’লে বিশ্বকাপ। প্ৰথমবাৰলৈ ইংলেণ্ডে এই ইতিহাস সৃষ্টি কৰিলে যদিও দেশখনত দেখা নহ’ল কোনো বিজয়োৎসৱ।

    ইংলেণ্ডৰ লোকসকলে প্ৰতিদিনৰ দৰেই নিজৰ কামত ব্যস্ত থাকিল আৰু চাৰিওফালে দেখা গ’ল গতানুগতিক পৰিৱেশ। টুইটাৰত অতি সক্ৰিয় হৈ থকা কবি কুমাৰ বিশ্বাসে ইংলেণ্ডৰ ৰাজপথৰ এক ভিডিঅ’ টুইট কৰি কৈছে যে আমি জিকিলে ৰাজপথ ধোঁৱা–ধোঁৱা হৈ থাকিলহেঁতেন, কিন্তু বগা ছাহাবসকল সঁচাকৈ নিৰস।


    ভিডিঅ’টোৰ ওপৰত লিখিছে ‘বিজয়ৰ পিছৰ নীৰৱতা’। কুমাৰ বিশ্বাসে এই পোষ্ট কৰাৰ পিছতে বহু ব্যৱহাৰকাৰীয়ে ৰি–টুইট কৰাৰ লগতে মন্তব্যও কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ক্ৰিকেট বিশ্বকাপ জিকাৰ পিছত কোনো বিজয়োৎসৱ দেখা নগ’ল। মোৰ সন্দেহ হৈছে যে ইংলেণ্ডে বিশ্বকাপ জিকা বুলি কোনোৱে জানিব পাৰিছেনে নাই।

    আন এটা টুইটত কুমাৰ বিশ্বাসে লিখিছে – Dear New Zeland, You guys played so well and fantastic ! It’s not your defeat brother, it’s cricket’s win।


    উল্লেখযোগ্য যে বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডে প্ৰথমে বেটিং কৰি ২৪১ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ড দলেও ২৪১ ৰান সংগ্ৰহ কৰাত খেলখন ড্ৰ’ হয়। পিছত ছুপাৰ অভাৰতো দুয়োটা দলে সংগ্ৰহ কৰে ১৫–১৫ ৰান। কিন্তু আই চি চিৰ নিয়ম অনুসৰি ইংলেণ্ডক বিজয়ী ঘোষণা কৰা হয়।

    First published: