World Cup ফাইনেলৰ পূৰ্বে ইংলেণ্ডৰ দলক প্ৰশিক্ষকে দিলে এই গুৰু মন্ত্ৰ!

আয়োজক দেশ ইলেণ্ডে ১৯৯২চনৰ পিছত প্ৰথমবাৰ বিশ্বকাপৰ ফাইনেল খেলিব।

News18
Updated:July 13, 2019, 4:32 PM IST
World Cup ফাইনেলৰ পূৰ্বে ইংলেণ্ডৰ দলক প্ৰশিক্ষকে দিলে এই গুৰু মন্ত্ৰ!
আয়োজক দেশ ইলেণ্ডে ১৯৯২চনৰ পিছত প্ৰথমবাৰ বিশ্বকাপৰ ফাইনেল খেলিব।
News18
Updated: July 13, 2019, 4:32 PM IST
আয়োজক দেশ ইংলেণ্ডে দীঘলীয়া অপেক্ষাৰ অন্তত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ১৯৯২চনৰ পিছত প্ৰথমবাৰ ফাইনেল খেলিবলৈ ওলোৱা ইংলেণ্ড যথেষ্ট আত্মবিশ্বাসী আৰু প্ৰথমবাৰ দেশৰ কাৰণে বিশ্বকাপৰ ট্ৰফী জয় কৰিবলৈ দল সাজু হৈ উঠিছে। ক্ৰিকেটৰ জন্মভূমি আখ্যা দিয়া ইংলেণ্ডে আজিলৈকে এবাৰো ক্ৰিকেট বিশ্বকাপ জয় কৰিব পৰা নাই। দেওবাৰে নিউজীলেণ্ডৰ মুখামুখি হ’বলৈ ওলোৱা ইংলিছ দলে প্ৰতিপক্ষক বিধ্বস্ত কৰাক লৈ প্ৰৱল আত্মবিশ্বাসী।

বিগত বিশ্বকাপক প্ৰাৰম্ভিক পৰ্যায়তে বাহিৰ ওলাবলগীয়া হোৱা ইংলেণ্ডে এইবাৰো যেনে তেনে নক আউট পৰ্যায়ত উপনীত হয়। টীম বৰ্তমান ইয়াক লৈ উৎসাহী কিন্তু দলে যাতে ফাইনেলত প্ৰৱেশ কৰাৰ আনন্দত অতি আত্মবিশ্বাসী হৈ ভুল নকৰে তাৰবাৰে দলৰ কৌচ অৰ্থাৎ প্ৰশিক্ষকে খেলুৱৈসকলক প্ৰদান কৰিছে এক বিশেষ গুৰু মন্ত্ৰ। ইংলিছ প্ৰশিক্ষক ট্ৰেৱৰ বেলিছে খেলুৱৈসকলক মনত পেলাই দিছে যে কাম এতিয়াও শেষ হোৱা নাই, জয় এতিয়াও দূৰৈত। 

বিবিচিক দিয়া এক সাক্ষাৎকাৰত বেলিছে কৈছিল যে
আমি বাহিৰৰ হুলস্থুল ভাল নে বেয়া সেয়া শুনিব নোৱাৰো। আমাৰ কাম এতিয়াও শেষ হোৱা নাই আমি এতিয়াও এখন ডাঙৰ খেল খেলিব লাগিব। কৌচে কয় যে ড্ৰেচিংৰূমত আমি কথা পাতোতে অনুভৱ কৰিছো যে আমি এতিয়ালৈকে একোৱে জিকিব পৰা নাই।


উল্লেখযোগ্য যে গ্ৰুপ পৰ্যায়ত বিপদতে পৰিছিল ইংলেণ্ড। পিছে ভাল খেলি দলটোৱে ভাৰত আৰু নিউজীলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। কেপ্তেইন আয়ান মাৰ্গানে কয় যে টীমে নিজৰ শৈলীৰে নেখেলাৰ বাবেই পথভ্ৰষ্ট হৈছিল। বেলিছে খেলুৱৈসকলক মনত পেলাইছে যে নিজস্ব শৈলীৰে খেলাতহে ফাইনেলত তেওঁলোকে গুৰুত্ব দিব লাগে। তেওঁ কয়
আমি আত্মবিশ্বাসী কিন্তু অহংকাৰী নহয়। সপোন পূৰণ কৰাৰ দিশে আগবাঢ়ি যাম।
আৰু চাওক পৰৱৰ্তী বাতৰি