৩২ ছেকেণ্ডৰ এই ভিডিঅ’ ক্লিপটোৱে সকলোকে আচৰিত কৰিছে।
৩২ ছেকেণ্ডৰ এই ভিডিঅ’ ক্লিপটোৱে সকলোকে আচৰিত কৰিছে।
‘অন দ্য টপ অব বুৰ্জ খালিফা...’! হয়, বিশ্বৰ আটাইতকৈ ওখ অট্টালিকাৰ চূড়াত উঠিল এগৰাকী বিমানসেৱিকা। হাত কেইখনমান প্লেকাৰ্ড। তাত লিখা আছে বিমান সংস্থাৰ সম্পৰ্কে কিছুমান তথ্য। ভিডিঅ’টো দেখিলেই বুজা যাব এয়া এটা বিজ্ঞাপনৰ ভিডিঅ’। কিন্তু এটা বিজ্ঞাপনৰ শ্বুটিঙৰ বাবে বুৰ্জ খালিফাৰ চূড়াত এগৰাকী বিমানসেৱিকাক থিয় কৰোৱা এই দৃশ্য দেখিয়ে বুকু কঁপি উঠিছে বহুতৰে। পিছত জনা যায় যে ভিডিঅ’ত এমিৰেটছৰ ইউনিফৰ্ম পৰিধান কৰি ৰৈ থকা বিমানসেৱিকাগৰাকী আচলতে এগৰাকী স্কাইডাইভাৰ। নাম নিকোল স্মিথ লুডউইক।
৩২ ছেকেণ্ডৰ এই ভিডিঅ’ ক্লিপটোৱে সকলোকে আচৰিত কৰিছে। ডুবাইৰ বিমান সংস্থাই নিজৰ ছচিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো। য’ত মাটিৰ পৰা ৮৩০ মিটাৰ উচ্চতাত প্লেকাৰ্ড হাতত লৈ থিয় হৈ থকা দেখা গৈছে নিকোল স্মিথ লুডউইকক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|