ৰাছিয়াই ইউক্ৰেইনক তিনিও দিশৰ পৰা ঘেৰি ধৰিছে, পূবত ডনবাছ, দক্ষিণত কৃষ্ণ সাগৰ উপকণ্ঠ আৰু উত্তৰত বেলাৰুছৰ সষ্টম হৈছে
ৰাছিয়াই ইউক্ৰেইনক তিনিও দিশৰ পৰা ঘেৰি ধৰিছে, পূবত ডনবাছ, দক্ষিণত কৃষ্ণ সাগৰ উপকণ্ঠ আৰু উত্তৰত বেলাৰুছৰ সষ্টম হৈছে
ইউক্ৰেইনত পঢ়ি থকা ভাৰতীয় শিক্ষাৰ্থীসকলক শীঘ্ৰে সেই দেশ ত্যাগ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ভাৰতীয় দূতাবাসে (Embassy of India) । ৰাছিয়া আৰু ইউক্ৰেইনত মাজত চলি থকা যুদ্ধসদৃশ পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰ কিভত (Ukraine’s capital Kyiv) থকা ভাৰতীয় দূতাবাসৰ পৰা এই বাৰ্তা প্ৰেৰণ কৰা হৈছে । ইফালে কালিলৈ ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰাৰ আশংকা প্ৰকাশ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই ।
দূতাবাসৰ পৰা জাৰি কৰা ৰাজহুৱা জাননীত কোৱা হৈছে– দেশখনত দেখা দিয়া অচলাৱস্থাৰ কাৰণে ইউক্ৰেইনত (Ukraine) বাস কৰা ভাৰতীয় নাগৰিক, বিশেষকৈ শিক্ষাৰ্থীসকলে বিশেষ এৰাব নোৱাৰা কাম নাথাকিলে প্ৰস্থান কৰা শ্ৰেয় । মঙলবাৰে জাৰি কৰা জাননীখনত লগতে কোৱা হৈছে যদিহে থাকিবলগীয়া হয়, য'তে আছে তাতে থাকক । লগতে সকলোকে দূতাবাসৰে যোগাযোগ কৰি নিজৰ স্থানৰ বিষয়ে অৱগত কৰিবলৈ কোৱা হৈছে ।
উল্লেখযোগ্য যে ইউক্ৰেইনত ১৬,০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী ( Indian students) দেশখনৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে । ইয়াৰ উপৰি আৰু কেইবাহাজাৰ লোক বিভিন্ন কামত নিয়োজিত হৈ আছে । প্ৰাপ্ত তথ্য অনুসৰি ৰাছিয়াই (Russia) দেশখনক তিনিও দিশৰ পৰা ঘেৰি ধৰিছে। পূৱত ডনবাছ, দক্ষিণত কৃষ্ণ সাগৰ উপকণ্ঠ আৰু উত্তৰত বেলাৰুছৰ পৰা সামৰিক ভাৱে সষ্টম হৈছে। অন্যহাতেদি আমেৰিকাৰ সেনাও ইউক্ৰেইনৰ চুবুৰীয়া দেশত দেশখনৰ সমৰ্থনত উপস্থিত হৈছে ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|