সকলো জল্পনাৰ অৱসান ঘটাই মাইক্ৰ’ব্লগিং ছচিয়েল নেটৱৰ্কিং প্লেটফৰ্ম টুইটাৰ ক্ৰয় কৰিলে বিশ্বৰ আটাইতকৈ ধনী উদ্যোগপতি এলন মাস্কে। ৪৪ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰস্তাৱত অৱশেষত সন্মতি প্ৰদান কৰিছে টুইটাৰ ব’ৰ্ডে। টুইটাৰৰ পিছত এইবাৰ মাস্কৰ টাৰ্গেট ছফ্ট ড্ৰিংকছ সংস্থা কোকা কোলা। পুনৰ আৰম্ভ হৈছে জল্পনা–কল্পনা। সেই জল্পনা–কল্পনাৰ কেন্দ্ৰ এলন মাস্কৰ এটা টুইট।
বৃহস্পতিবাৰে মাস্কে হঠাতে টুইট কৰি লিখিছে, ‘‘ইয়াৰ পিছত আমি কোকা কোলা কিনিবলৈ গৈ আছো। যাতে পুনৰ ইয়াত কোকেইন মিহলি কৰিব পাৰো।’’ আৰু মুহূৰ্ততে ভাইৰেল হৈছে সেই টুইট। তাৰ কিছু ক্ষণৰ ভিতৰতে পুনৰ টুইট কৰি টুইটাৰক মজাৰ স্থান কৰি তোলাৰ আহ্বান মাস্কৰ। সেয়ে বহুতে ধাৰণা কৰিছে, কোকা কোলাত কোকেইন মিহলি কৰাৰ কথা কৈ আচলে সমগ্ৰ বিষয়টো লৈ ধেমালি কৰিছে মাস্কে।
উল্লেখযোগ্য যে আমেৰিকাৰ জৰ্জিয়াত ১৮৮৬ চনত কোকা কোলাৰ যাত্ৰা আৰম্ভ হৈছিল। জন পেমবাৰ্টনে এই প্ৰতিষ্ঠানৰ জন্ম দিছিল। সেই সময়ত কোকা কোলাত কোকেইনৰ এটা ৰূপ কোকা পাতৰ ৰস ব্যৱহাৰ কৰিছিল। ১৮৮৭ চনত গৃগছ কেলেণ্ডাৰে এই প্ৰতিষ্ঠান কিনি লয়। লাহে লাহে কোকা পাতৰ ব্যৱহাৰ বন্ধ হয়। বৰ্তমান দুশখন দেশত কোকা কোলাৰ প্ৰচলন আছে। বিশ্বজুৰি আছে প্ৰতিষ্ঠানটোৰ ৯০০ প্লাণ্ট।