உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি Elon Muskক অতিপাত ঘৃণা কৰে জীয়ৰিয়ে, মুকলিকৈ ক’লে–‘মই তেওঁৰ সৈতে কোনো সম্পৰ্ক ৰাখিব নোখোজো...’

    বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি Elon Muskক অতিপাত ঘৃণা কৰে জীয়ৰিয়ে, মুকলিকৈ ক’লে–‘মই তেওঁৰ সৈতে কোনো সম্পৰ্ক ৰাখিব নোখোজো...’

    • Share this:
    এলন মাস্কৰ (Elon Musk) ট্ৰান্সজেণ্ডাৰ কন্যাই নতুন লিংগ পৰিচয় অনুসৰি নাম সলনি কৰিবলৈ অনুৰোধ দাখিল কৰিছে। শেহতীয়াকৈ অনলাইন মিডিয়াৰ একাংশ বাতৰিত এই কথা চৰ্চালৈ আহিছিল।

    এলন মাস্কৰ (Elon Musk) ট্ৰান্সজেণ্ডাৰ কন্যাই নিজৰ নতুন লিংগ পৰিচয় অনুসৰি নিজৰ নাম সলনি কৰিবলৈ অনুৰোধ দাখিল কৰিছে। লগতে তেওঁ কয় যে, 'মই এতিয়া কোনো প্ৰকাৰে, আকাৰ বা ৰূপত নিজৰ জৈৱিক পিতৃৰ সৈতে থাকিব নোখোজো বা তেওঁৰ সৈতে সম্পৰ্কিত হৈ থাকিব নোখোজো।' এপ্ৰিলত চান্তা মনিকাত(Santa Monica) লছ এঞ্জেলছ কাউণ্টি চুপিৰিয়ৰ ক’ৰ্টত (Los Angeles County Superior Court) নাম সলনি কৰাৰ লগতে নতুন লিংগ পৰিচয় তুলি ধৰা জন্মৰ প্ৰমাণ পত্ৰৰ বাবে আৱেদন দাখিল কৰা হৈছে। এই খবৰ শেহতীয়াকৈ পোহৰলৈ আহে একাংশ অনলাইন মিডিয়া ৰিপ’ৰ্টছত।

    নাম সলনি কৰিব বিচাৰিছে মাস্কৰ জীয়ৰিয়ে

    PlainSite.org ৰ জৰিয়তে অনলাইনত উপলব্ধ আইনী কাগজ পত্ৰ অনুসৰি প্ৰাক্তন জেভিয়াৰ এলেকজেণ্ডাৰ মাস্ক যি অলপতে কেলিফৰ্নিয়াত ১৮ বছৰৰ হৈছে তেওঁ আদালতত নিজৰ লিংগ পৰিচয় পুৰুষৰ পৰা মহিলা কৰিবলৈ আৰু নতুন নাম নথিভুক্ত কৰিবলৈ আৱেদন কৰিছে। তেওঁৰ নতুন নাম অনলাইন নথিত সংশোধিত কৰা হৈছে। তেওঁৰ মাতৃৰ নাম জাষ্টিন ৱিলছন। ২০০৮ চনত জাষ্টিনৰ সৈতে মাস্কৰ বিবাহ বিচ্ছেদ হৈছিল।

    কিয় এই বিভেদৰ সৃষ্টি হ’ল?

    মাস্কৰ কন্যাৰ সৈতে টেছলা আৰু স্পেছএক্সৰ মুৰব্বীৰ মাজত বিভেদৰ কোনো স্পষ্টীকৰণ পাবলৈ নাই। মাস্কক প্ৰতিনিধিত্ব কৰা অধিবক্তা অথবা টেছলা মিডিয়া কাৰ্যালয়ে সোমবাৰে ৰয়টাৰ্ছৰ মেইলৰ কোনো উত্তৰেই নিদিলে।

    উল্লেখ্য যে, মে’ মাহত কন্যাই নাম আৰু লিংগ পৰিৱৰ্তনৰ নথিত স্বাক্ষৰ কৰাৰ প্ৰায় এমাহ পিছত মাস্কে ৰিপাব্লিকান পাৰ্টীৰ প্ৰতি নিজৰ সমৰ্থন ঘোষণা কৰিছিল যাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে দেশজুৰি ট্ৰান্সজেণ্ডাৰ অধিকাৰ সীমিত কৰাৰ আইনক সমৰ্থন কৰি আহিছে।
    First published: