সকলো জল্পনা–কল্পনাৰ অৱসান। মাইক্ৰ’ব্লগিং ছচিয়েল নেটৱৰ্কিং প্লেটফৰ্ম টুইটাৰ ক্ৰয় কৰিলে বিশ্বৰ সবাতোকৈ ধনী উদ্যোগপতি এলন মাস্কে। তেওঁৰ ৪৪ বিলিয়ন ডলাৰৰ প্ৰস্তাৱত অৱশেষত সন্মতি প্ৰদান কৰিছে টুইটাৰ ব’ৰ্ডে। অৰ্থাৎ এইবাৰ মাস্কে টুইটাৰৰ মালিকীস্বত্ব পোৱাৰ বিষয়টো চূড়ান্ত।
৪৪ আৰব ডলাৰ তেওঁ টুইটাৰ কিনাৰ কথা ঘোষণা কৰিছে আৰু এই চুক্তি এই বছৰতে সম্পূৰ্ণ হ’ব। ডিল ক্ল’জ হ’লেই এলন মাস্কৰ হাতলৈ আহিব টুইটাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু টুইটাৰ ব্যক্তিগত কোম্পানী হ’ব।
টুইটাৰৰ শ্বেয়াৰে প্ৰতি ৫৪.৪২ মাৰ্কিন ডলাৰ দিবলৈ ৰাজি হয় এলন মাস্ক। ফলত সমগ্ৰ টুইটাৰৰ মূল্য উঠে ৪১ বিলিয়ন মাৰ্কিন ডলাৰ। ভাৰতীয় মুদ্ৰাত এই টকাৰ পৰিমাণ হ’ল ৩ কোটি ১২ হাজাৰ ১৪৯ কোটি টকাৰো অধিক। এই প্ৰস্তাৱ টুইটাৰে গ্ৰহণ কৰে নে নাই, তাক লৈ ইমান দিনে জল্পনা–কল্পনা আছিল যদিও অৱশেষত সন্মতি প্ৰকাশ কৰিলে টুইটাৰ ব’ৰ্ডে। অৰ্থাৎ এইবাৰ চৰকাৰীভাৱে টুইটাৰৰ মালিকীস্বত্ব আহিব মাস্কৰ হাতলৈ।
মাস্কে দিয়া প্ৰস্তাৱক লৈ ইয়াৰ পূৰ্বে কোনো মন্তব্য কৰা নাছিল টুইটাৰে। সেয়ে ধাৰণা কৰা হৈছিল যে এই প্ৰস্তাৱ হয়তো টুইটাৰৰ ফালৰ পৰা মানি লোৱা নহ’ব। মাস্কে কৈছিল, টুইটাৰৰ সামগ্ৰিৰ সমৃদ্ধি আৰু সাফল্যৰ বাবেই প্ৰতিষ্ঠানটোৰ ব্যক্তিগত মালিকানাধীন হোৱা উচিত। শেষপৰ্যন্ত অৱশ্যে এলন মাস্কৰ প্ৰস্তাৱ মানি ল’লে টুইটাৰে।
এলন মাস্ক ফ’ৰ্বছ মেগাজিনৰ মতে, বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি। তেওঁৰ ২৭৩.৬ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তি আছে। গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান টেছলাৰ তেওঁ স্বত্বাধিকাৰী। লগতে স্পেছএক্সৰো মালিক তেওঁ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|