Jeff Bezos–ক চেৰ পেলাই বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি Elon Musk, সম্পত্তিৰ পৰিমাণে হতবাক কৰিব

টেচলা (Tesla) আৰু স্পেচএক্সৰ (SpaceX) সংস্থাপৰ এলন মাস্ক (Elon Musk)।
টেচলা (Tesla) আৰু স্পেচএক্সৰ (SpaceX) সংস্থাপৰ এলন মাস্ক (Elon Musk)।
- News18 Assam
- Last Updated: January 8, 2021, 11:14 AM IST
মাস্কৰ নেটৱৰ্থ বৃহস্পতিবাৰে ১৮৮.৫ আৰৱ ডলাৰ হয়গৈ, এয়া বেজছতকৈ ১.৫আৰৱ ডলাৰ অধিক। বৃহস্পতিবাৰে টেচলাৰ শ্বেয়াৰ ৪.৮শতাংশ ওপৰলৈ উঠে।
উল্লেখ্য যে, বিশ্বজুৰি সকলোতকৈ ধনী ব্যক্তিৰ প্ৰতিদিনে হিচাপ কৰি ৰেংকিং নিৰ্ধাৰণ কৰা ব্লুমবাৰ্গ বিলিনেয়াৰে মূলতঃ আৰৱপতিসকলৰ বৰ্তমানৰ মুঠ সম্পত্তিৰ আধাৰত ৰেংকিং কৰে। জেফ বেজছ সেই অনুসৰি ২০১৭চনৰ অক্টোবৰ মাহৰ পৰাই বিশ্বৰ এক নম্বৰ ধনী ব্যক্তিৰ আসনত আছিল।
তাৎপৰ্যপূৰ্ণ যে যোৱা ১নৱেম্বৰ,২০২০ চনত মাস্কে বিল গেটছক (Bill Gates) চেৰ পেলাই বিশ্বৰ দ্বিতীয় সকলোতকৈ ধনী ব্যক্তিৰ আসনত বহিছিল। সেইসময়ত তেওঁৰ ওচৰত মুঠ সম্পত্তি ১২৮ডলাৰ আছিল। বিগত ১২মাহত এলন মাস্কৰ সম্পত্তি ১৫০ আৰৱ ডলাৰ (প্ৰায় ১১লাখ কোটি)তকৈও বেছি বাঢ়িছে। মাস্কৰ সম্পত্তিত আৰ্থিক মন্দাৱস্থা বা ভাইৰাছ সৃষ্ট মহামাৰীৰ কোনো প্ৰভাৱ পৰা নাই।
২০২০ত ৭৪৩শতাংশ বৃদ্ধি পাইছিল টেচলাৰ শ্বেয়াৰ। এই কাৰণতে মাস্কৰ সম্পত্তি এনেকৈ বাঢ়িছে। কোম্পানীয়ে একেৰাহে লাভৰ মুখ দেখি থকাৰ লগতে S&P 500 ইণ্ডেক্সত চামিল হোৱাৰ পিছত টেচলাৰ শ্বেয়াৰ বৃহৎ গতিত বাঢ়িছিল।