• Home
  • »
  • News
  • »
  • world
  • »
  • টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে বিক্ৰী কৰিলে টেছলাৰ ৭৯ লাখ টকাৰ অংশীদাৰিত্ব, বিক্ৰী কৰিব নেকি কোম্পানী?

টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে বিক্ৰী কৰিলে টেছলাৰ ৭৯ লাখ টকাৰ অংশীদাৰিত্ব, বিক্ৰী কৰিব নেকি কোম্পানী?

Teslaৰ মুখ্য কাৰ্যবাহী বিষয়া(CEO) ইলন মাস্ক পুনৰ চৰ্চাত সোমাই পৰিছে। বিগত কিছু দিনৰ পৰা টুইটাৰ ক্ৰয় আৰু তাৰ পাছত পিছুৱাই যোৱাক লৈ চলি থকা চৰ্চাৰ মাজতে এতিয়া Teslaৰ কেইবালাখ অংশীদাৰিত্ব(SHARE) বিক্ৰী কৰি আন এক বিতৰ্কৰ সৃষ্টি কৰিছে।

Teslaৰ মুখ্য কাৰ্যবাহী বিষয়া(CEO) ইলন মাস্ক পুনৰ চৰ্চাত সোমাই পৰিছে। বিগত কিছু দিনৰ পৰা টুইটাৰ ক্ৰয় আৰু তাৰ পাছত পিছুৱাই যোৱাক লৈ চলি থকা চৰ্চাৰ মাজতে এতিয়া Teslaৰ কেইবালাখ অংশীদাৰিত্ব(SHARE) বিক্ৰী কৰি আন এক বিতৰ্কৰ সৃষ্টি কৰিছে।

Teslaৰ মুখ্য কাৰ্যবাহী বিষয়া(CEO) ইলন মাস্ক পুনৰ চৰ্চাত সোমাই পৰিছে। বিগত কিছু দিনৰ পৰা টুইটাৰ ক্ৰয় আৰু তাৰ পাছত পিছুৱাই যোৱাক লৈ চলি থকা চৰ্চাৰ মাজতে এতিয়া Teslaৰ কেইবালাখ অংশীদাৰিত্ব(SHARE) বিক্ৰী কৰি আন এক বিতৰ্কৰ সৃষ্টি কৰিছে।

  • Share this:
Tesla ( টেছলা )ৰ মুখ্য কাৰ্যবাহী বিষয়া(CEO) এলন মাস্ক পুনৰ চৰ্চাত সোমাই পৰিছে। বিগত কিছু দিনৰ পৰা টুইটাৰ ক্ৰয় আৰু তাৰ পাছত পিছুৱাই যোৱাক লৈ চলি থকা চৰ্চাৰ মাজতে এতিয়া Teslaৰ কেইবালাখ অংশীদাৰিত্ব(SHARE) বিক্ৰী কৰি আন এক বিতৰ্কৰ সৃষ্টি কৰিছে। দেশৰ এক ব্যৱসায়িক সংবাদ মাধ্যম CNBCৰ এক ৰিপ’ৰ্ট অনুসৰি, এলন মাস্কে ৬.৮৮ আৰব ডলাৰৰ সৰ্বমুঠ ৭৯ লাখ অংশীদাৰিত্ব(SHARE) বিক্ৰী কৰে। উক্ত বিষয়টো বিত্তীয় ফাইলিঙৰ ফলত ওলাই পৰিছে। ফাইলিঙৰ পৰা জানিব পৰা যায় যে, আগষ্ট মাহৰ ৫ তাৰিখৰ পৰা ৮ তাৰিখৰ ভিতৰত অংশীদাৰিত্ব(SHARE)বোৰ লেনদেন কৰা হৈছিল। মন কৰিবলগীয়া যে, পূৰ্বতে এলন মাস্কে Tesla বিক্ৰী কৰাৰ কোনো পৰিকল্পনা নথকা বুলি কৈছিল যদিও বৰ্তমানৰ ইয়াৰ অংশীদাৰিত্ব(SHARE)ৰ বিক্ৰীয়ে সকলোকে আচৰিত কৰি তুলিছে। গতিকে, বৃহৎ পৰিমাণৰ অংশীদাৰিত্ব(SHARE) বিক্ৰীয়ে এক প্ৰশ্নৰ সৃষ্টি কৰিছে। তদুপৰি, এই বৰ্ষৰ এপ্ৰিল মাহৰ অন্তত সামাজিক মাধ্যমত একাউণ্টযোগে এলন মাস্কে কৈছিল যে, ভবিষ্যতে Tesla বিক্ৰী কৰাৰ তেওঁৰ কোনো পৰিকল্পনা নাই। কিন্তু সত্যটো এইয়ে যে সেই একেটা সপ্তাহতে বিত্তীয় পৰিকল্পনা তথা এছ.ই.চি ফাইলিঙৰ পৰা Tesla আৰু SPACEXৰ CEO এলন মাস্কে নিজৰ ইলেক্ট্ৰিক বাহন কোম্পানীৰ অংশীদাৰিত্ব(SHARE) বৃহৎ পৰিমাণে বিক্ৰী কৰাৰ বিষয়টো ওলাই পৰিছিল। জানিব পৰা মতে, এই বিক্ৰীৰ পৰিমাণ ৮.৪ আৰব ডলাৰ আছিল।

কিয় চৰ্চাত আছে মাস্ক?

চেণ্টি বিলিয়নাৰ নামেৰে খ্যাত এলন মাস্ক বৰ্তমান টুইটাৰৰ সৈতে চলি থকা গোচৰ সম্পৰ্কত চৰ্চাৰ পাত্ৰ হৈ আছে। সামাজিক নেটৱৰ্কিঙৰ এই ডাঙৰ কোম্পানীটোক অধিগ্ৰহণৰ কৰিবৰ বাবে চুক্তি স্বাক্ষৰিত হৈছিল আৰু প্ৰতিটো অংশীদাৰিত্ব(SHARE) মূল্য ৫৪.২০ ডলাৰেৰে ৪৪ আৰব বিলিয়ন ডলাৰত চুক্তি নিশ্চিত কৰা হৈছিল। কিন্তু মাস্কে চুক্তিটো কোনো গুৰুত্ব সহকাৰে নোলোৱা হেতুকে টুইটাৰে তেওঁৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল।

টুইটাৰৰ সৈতে মাস্কৰ যুঁজঃ

টুইটাৰ আৰু টেছলা এই দুয়োটা কোম্পানীৰ মাজৰ কাজিয়াৰ ফলত ইহঁতৰ শ্বেয়াৰৰঅংশীদাৰিত্ব(SHARE)ৰ মূল্য দ্ৰূতগতিত হ্ৰাস পাইছে। তথ্য অনুসৰি, মাস্কে টুইটাৰৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ তথ্য বিচাৰিছিল, কিন্তু কোম্পানীটোৱে ইয়াক প্ৰদান কৰা নাছিল বুলি অভিযোগ কৰে। মাস্কে কৈছিল যে যিহেতু টুইটাৰে তেওঁৰ সৈতে কোনো তথ্য ভাগ-বতৰা কৰা নাই, গতিকে তেওঁ অধিগ্ৰহণ চুক্তিৰ সৈতে আগবাঢ়িব নোৱাৰে। মাস্কে কৈছিল যে টুইটাৰে বট, স্পাম আৰু ভুৱা একাউণ্টৰ বিষয়ে টুইটাৰে সঠিক তথ্য প্ৰদান কৰা নাই। সেয়েহে তেখেতে স্পষ্টকৈ টুইটাৰ ক্ৰয় নকৰে বুলি সিদ্ধান্ত লোৱা বুলি জনায়।

কেতিয়া কি হ'ল

ইয়াৰ পিছত 8 জুলাই তাৰিখে এলন মাস্কে টুইটাৰৰ সৈতে চুক্তি বাতিল কৰিছে বুলি জনায়। আনহাতে, টুইটাৰে আদালতত গোচৰ দিছিল যে এলন মাস্কে তেওঁলোকৰ সৈতে চুক্তিটো যি মূল্যত স্থিৰ কৰিছিল সেই মূল্যত থাকিব লাগে। যদি এই চুক্তি সম্পূৰ্ণ হয়, টুইটাৰৰ অংশীদাৰসকল ধনী হ'লহেঁতেন। কিন্তু চুক্তিটো বাতিল কৰাৰ বিষয়ে কোম্পানীটোৰ এটা ডাঙৰ অনুশোচনা আছে, তাৰ পাছতহে টুইটাৰে মাস্কক আদালতলৈ টানি নিছে। বিক্ৰীৰ বাতৰিৰ ঘণ্টা অতিক্ৰমৰ পিছতো টেছলাৰ অংশীদাৰিত্ব(SHARE)বোৰে ব্যৱসায় কৰি আছিল। SEC ফাইলিঙৰ তথ্য মুকলি কৰাৰ আগতে মঙলবাৰে টেছলাৰ শ্বেয়াৰঅংশীদাৰিত্ব(SHARE) ৮৫০ ডলাৰত বন্ধ হৈছিল যি মঙলবাৰৰ দিনটোৰ তুলনাত ২%ৰো অধিক।
Published by:Sanjay Kumar Das
First published: