মাস্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনৰ ওচৰত দাখিল কৰা এখন নথিপত্ৰত প্ৰস্তাৱটোৰ বিষয়ে অৱগত কৰিছিল। মাস্কৰ টুইটাৰ ক্ৰয়ৰ প্ৰস্তাৱৰ পিছত টুইটাৰৰ (social media platform Twitter) ষ্টক ১৮ শতাংশ বৃদ্ধি পাইছে। টুইটাৰক এটা ব্যক্তিগত কোম্পানীলৈ ৰূপান্তৰ কৰা প্ৰয়োজন
এলন মাস্কে কয়, "মই টুইটাৰত বিনিয়োগ কৰিছিলোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ই সমগ্ৰ বিশ্বতে মুক্ত বাকশক্তিৰ মঞ্চ হোৱাৰ সম্ভাৱনা আছে, আৰু মই বিশ্বাস কৰোঁ যে গতিশীল গণতন্ত্ৰৰ বাবে মুক্ত বাকশক্তি এক সামাজিক আৱশ্যকতা। অৱশ্যে, ইয়াত কৰা বিনিয়োগৰ পৰা মই এতিয়া উপলব্ধি কৰিছোঁ যে বৰ্তমান স্বৰূপত কোম্পানীটোৱে এই সামাজিক আৱশ্যকতা পূৰণ নকৰে বা কৰিব নোৱাৰে। গতিকে টুইটাৰক এটা ব্যক্তিগত প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰা প্ৰয়োজন।