টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) এলন মাস্কে খোজ দিলে টুইটাৰৰ জগতত। মাস্কে ছ'চিয়েল মিডিয়া টুইটাৰৰ ৯.২ শতাংশ অংশ ক্ৰয় কৰিছে। সোমবাৰে প্ৰকাশিত ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনৰ জাননী অনুসৰি টেছলাৰ প্ৰতিষ্ঠাপকে ১৪ মাৰ্চত ৭৩,৪৮৬,৯৩৮টা টুইটাৰ শ্বেয়াৰ ক্ৰয় কৰিছিল। এই অংশীদাৰিত্বৰে তেওঁ কোম্পানীটোৰ সৰ্ববৃহৎ অংশীদাৰসকলৰ ভিতৰত এজন বুলি পৰিগণিত হয় আৰু টুইটাৰৰ প্ৰতিষ্ঠাপক জেক ডৰ্চেৰ ২.২৫%ৰ চাৰিগুণতকৈও ই অধিক বুলি বিবেচিত হয়।
টুইটাৰত মাস্কৰ (Elon Musk) অংশীদাৰিত্বক এক নিষ্ক্ৰিয় বিনিয়োগ বুলি গণ্য কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে যে তেওঁ দীৰ্ঘম্যাদী সময়ৰ বাবে বিনিয়োগকাৰী হৈ থাকিব বিচাৰে।
সোমবাৰে বিশাল সামাজিক মাধ্যমটোৰ অংশ ক্ৰয়ৰ বাবে টুইটাৰৰ (Twitter) ষ্টক ২৫ শতাংশতকৈও অধিক বৃদ্ধি পাইছিল। একে সময়তে টেছলাৰ ষ্টকো অলপ বাঢ়িছিল।
উল্লেখনীয় যে মাস্কে যোৱা মাহত টুইটাৰত মুক্তভাৱে কথা প্ৰকাশ কৰাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে টুইট কৰিছিল।
তেওঁ কৈছিল, "গতিশীল গণতন্ত্ৰৰ বাবে স্বতন্ত্ৰভাৱে নিজৰ মত ৰখাটো প্ৰয়োজনীয়। আপুনি বিশ্বাস কৰেনে যে টুইটাৰে এই নীতিক কঠোৰভাৱে অনুসৰণ কৰে?"
আন এটা টুইটত মাস্কে কৈছিল যে তেওঁ এটা নতুন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম সৃষ্টি কৰাৰ কথা বিবেচনা কৰি "গুৰুত্বসহকাৰে" আছে।
Published by: Gautam Barman
FIRST PUBLISHED : April 04, 2022, 21:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|