ৰাজপথেৰে গৈ থকা গাড়ীৰ ওপৰত বহিল প্ৰকাণ্ড হাতী, কিদৰে চালকে বচালে জীৱন? চাওক VIDEO

বহু সময় ধৰি হাতীটোৱে আবদ্ধ কৰি ৰাখে গাড়ীখন। কিন্তু সুযোগ বুজি গাড়ীখন দ্ৰুতবেগত আগুৱাই আনি জীৱন ৰক্ষা কৰে চালকজনে।

News18-Assam
Updated:November 7, 2019, 7:43 AM IST
ৰাজপথেৰে গৈ থকা গাড়ীৰ ওপৰত বহিল প্ৰকাণ্ড হাতী, কিদৰে চালকে বচালে জীৱন? চাওক VIDEO
বহু সময় ধৰি হাতীটোৱে আবদ্ধ কৰি ৰাখে গাড়ীখন। কিন্তু সুযোগ বুজি গাড়ীখন দ্ৰুতবেগত আগুৱাই আনি জীৱন ৰক্ষা কৰে চালকজনে।
News18-Assam
Updated: November 7, 2019, 7:43 AM IST
ছচিয়েল মিডিয়াত জীৱ–জন্তুৰ বহু ভিডিঅ’ দেখা যায়, যিসমূহে মানুহক আকৰ্ষণ কৰে। কিন্তু তাৰ ভিতৰত কিছুমান এনেকুৱা ভিডিঅ’ও থাকে যিবোৰ দেখিলে সকলোৰে বুকু কঁপি উঠে। তেনে এক ভিডিঅ’ই ভাইৰেল হৈছে থাইলেণ্ডত। এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে ৰাজপথেৰে গৈ থকা এখন বাহনক আগভেটি ধৰি গাড়ীখনৰ ওপৰত বহি পৰে।

বহু সময় ধৰি হাতীটোৱে আবদ্ধ কৰি ৰাখে গাড়ীখন। কিন্তু সুযোগ বুজি গাড়ীখন দ্ৰুতবেগত আগুৱাই আনি জীৱন ৰক্ষা কৰে চালকজনে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’টো।

নিউয়ৰ্ক পোষ্টৰ মতে, এই ঘটনাটো থাইলেণ্ডৰ খাঅ’ য়াই নেচনেল পাৰ্কৰ। গাড়ীখনৰ ব্যাপক ক্ষতিসাধন কৰে হাতীটোৱে। সন্মুখত হাতী ওলোৱাত গাড়ীৰ ভিতৰতে বহি আছিল চালকজন। আৰু এটা সময়ত সুযোগ বুজি গাড়ীসহ হাতীটোৰ কবলৰ পৰা পলায়ন কৰে চালকজনে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি