‘স্মাৰ্টফোন অবিহনে এবছৰ থাকিব পাৰিলে পাব ৭১ লাখ টকাৰ পুৰস্কাৰ’ – কি এয়া?

এলানাই বিগত ১০ মাহ ধৰি স্মাৰ্টফোন ব্যৱহাৰ কৰা নাই আৰু যদি ডিচেম্বৰলৈ এইদৰে থাকিব পাৰে তেন্তে কোম্পানীটোৱে দিব ৭১ লাখ টকাৰ পুৰস্কাৰ।

News18-Assam
Updated:October 13, 2019, 3:37 PM IST
‘স্মাৰ্টফোন অবিহনে এবছৰ থাকিব পাৰিলে পাব ৭১ লাখ টকাৰ পুৰস্কাৰ’ – কি এয়া?
এলানাই বিগত ১০ মাহ ধৰি স্মাৰ্টফোন ব্যৱহাৰ কৰা নাই আৰু যদি ডিচেম্বৰলৈ এইদৰে থাকিব পাৰে তেন্তে কোম্পানীটোৱে দিব ৭১ লাখ টকাৰ পুৰস্কাৰ।
News18-Assam
Updated: October 13, 2019, 3:37 PM IST
স্মাৰ্টফোন আজিকালি আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহৰ্য অংগ হৈ পৰিছে। স্মাৰ্টফোনবিহীন এটা দিনো আমি কল্পনা কৰিবই নোৱাৰো। কিন্তু যদি আপোনাক কোৱা হয় যে স্মাৰ্টফোন ব্যৱহাৰ নকৰিলে পুৰস্কাৰ লাভ কৰিব, তেন্তে কি কৰিব? এনেকুৱা এখন প্ৰতিযোগিতাই আয়োজন কৰা হৈছে এটা কোম্পানীৰ ফালৰ পৰা, য’ত এবছৰ স্মাৰ্টফোন ব্যৱহাৰ নকৰিলে দিয়া হৈছে ৭১ লাখ টকাৰ পুৰস্কাৰ।

২৯ বছৰীয়া এলানা মগডেন নামৰ এইগৰাকী মহিলাই এটা আমেৰিকান কোম্পানীৰ ফালৰ পৰা আয়োজিত Scroll Free for a Year নামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি এবছৰলৈ স্মাৰ্টফোন নোহোৱাকৈ থকাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে।

ইয়াৰ পিছতে এলানাৰ পৰা তেওঁৰ iPhoneটো জমা লৈছিল কোম্পানীটোৱে আৰু এটা সাধাৰণ ফোন দিছিল মহিলাগৰাকীক। কোৱা হৈছে যে এলানাই বিগত ১০ মাহ ধৰি স্মাৰ্টফোন ব্যৱহাৰ কৰা নাই আৰু যদি ডিচেম্বৰলৈ এইদৰে থাকিব পাৰে তেন্তে কোম্পানীটোৱে দিব ৭১ লাখ টকাৰ পুৰস্কাৰ।

আমেৰিকাৰ এইগৰাকী মহিলাই এই প্ৰতিযোগিতাত বিজয়ী হ’বলৈ মাত্ৰ কেইখোজমান বাকী। বিগত ১০ মাহ ধৰি স্মাৰ্টফোন অবিহনে আছে আৰু কোৱা হৈছে যে যদি তেওঁ স্মাৰ্টফোন নোলোৱাকৈ এবছৰ সম্পূৰ্ণ কৰিব পাৰে তেন্তে ভাৰতীয় টকাৰ হিচাপত ৭১ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিব।

উল্লেখযোগ্য যে পুৰস্কাৰৰ ধন দিয়াৰ পূৰ্বে কোম্পানীয়ে ‘লাই ডিটেক্টৰ’ৰে পৰীক্ষা কৰিব আৰু তাৰ পিছতহে পুৰস্কাৰ প্ৰদান কৰিব।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি