আমেৰিকাত নিৰ্বাচনী ৰণশিঙা, কেনেকৈ নিৰ্বাচিত হয় মহা শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি?

Pankaj Kumar | News18-Assam
Updated:October 11, 2020, 11:24 PM IST
আমেৰিকাত নিৰ্বাচনী ৰণশিঙা, কেনেকৈ নিৰ্বাচিত হয় মহা শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি?
চলিত বছৰতেই সম্পন্ন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন।

চলিত বছৰতেই সম্পন্ন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন।

  • Share this:
চলিত বছৰতেই সম্পন্ন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। সমগ্ৰ বিশ্বতে আছে চাৰি ধৰণৰ শাসন প্ৰণালী। সংসদীয়, ৰাষ্ট্ৰপতি শাসিত, ছুইচ চিষ্টেম আৰু কমিউনিষ্ট। আমেৰিকাত আছে ৰাষ্ট্ৰপতি শাসিত শাসন প্ৰণালী। আমেৰিকাৰ চৰকাৰ পৰিচালনাৰ মূল হ’ল ৰাষ্ট্ৰপতি।

২৪৪ বছৰ পুৰণি এখন শাসন ব্যৱস্থাত প্ৰতিটো ক্ষেত্ৰৰ বাবে নিৰ্ধাৰিত তাৰিখ থাকে। উদাহৰণ স্বৰূপে, নিৰ্বাচন কোন বছৰ হ’ব, কিমান তাৰিখে হ’ব, ফলাফল কেতিয়া ঘোষণা কৰা হ’ব, ৰাষ্ট্ৰপতিয়ে শপত কেতিয়া ল’ব আদি। আমেৰিকাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰথম ভাগ ভাৰততকৈ পৃথক।

দৰাচলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন লিপয়েৰত হয়। সাধাৰণতে আমেৰিকাৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ বছৰ চলে। কিন্তু সংবিধানৰ দ্বাৰা ভোটদান আৰু তাৰিখ নিৰ্ধাৰিত কৰা থাকে। ভোটদান নৱেম্বৰৰ মাহৰ প্ৰথম মঙলবাৰে হয়। আৰু নতুন ৰাষ্ট্ৰপতিয়ে পিছৰ বছৰৰ ২০ জানুৱাৰীত শপত লয়।

সেইদৰে, অধিক ভোট লাভ কৰিলেই যে জিকিব, তেনেকুৱা কথাও নাই। যোৱাবাৰ ড’নাল্ড ট্ৰাম্পতকৈ হিলাৰী ক্লিণ্টনে অদিক ভোট লাভ কৰিছিল যদিও পৰাজয়বৰণ কৰিছিল।

আমেৰিকাত ৰাষ্ট্ৰপতি কোনে নিৰ্বাচিত কৰে?

আমেৰিকাৰ জনসাধাৰণে প্ৰত্যক্ষ ভাবে ৰাষ্ট্ৰপতি নিৰ্বাচন নকৰে। ভোটাৰে প্ৰথমে ইলেক্টোৰেল কলেজৰ বাবে ভোট দিয়ে। অৰ্থাত্‍ , নিৰ্বাচক মণ্ডলৰ বাবে প্ৰথমে ভোট দিয়ে। ইলেক্টোৰেল কলেজত ইমান খিনিয়েই সদস্য থাকে, যিমান খিনি আমেৰিকা কংগ্ৰেছত থাকিব। আমেৰিকা কংগ্ৰেছ হ’ল, সংসদ। আমেৰিকাৰ সংসদত দুখন সদন আছে। চিনেট আৰু হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভ। চিনেট উচ্চ সদন আৰু হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভ হ’ল নিম্ন সদন। হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভত ৪৩৫ প্লাচ ৩ সদস্য থাকে। চিনেটত থাকে ১০০ জন সদস্য।

ইলেক্টোৰেল কলেজত প্ৰতিখন ৰাজ্যৰ কোটা ইমান খিনি থাকে, যিমান চিনেট আৰু হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভত থাকে। যদিও আমেৰিকাত ভাৰতৰ দৰেই মাল্টি পাৰ্টী চিষ্টেম তথাপিও দুটা পাৰ্টী ইমানেই শক্তিশালী যে, এই দুয়োটা ৰাজনৈতিক দলেই সমগ্ৰ আমেৰিকাৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰে। ডেম’ক্ৰেটিক আৰু ৰিপাব্লিক পাৰ্টী।

লিষ্ট চিষ্টেম কি?

আমেৰিকাৰ ইলেক্টোৰেল কলেজৰ নিৰ্বাচনক লিষ্ট চিষ্টেম বুলি কোৱা হয়। সাধাৰণ ভাষাত ক’বলৈ গ’লে, ডেম’ক্ৰেটিক পাৰ্টী আৰু ৰিপাব্লিক পাৰ্টীয়ে কেলিফৰ্ণীয়াৰ বাবে ৫৫ গৰাকী লোকৰ লিষ্ট জাৰি কৰিব। ভোটদাতাই এই ৫৫ গৰাকী লোকৰ বাবে বেলেগ বেলেগ কৈ ভোট নিদিয়ে। তেওঁলোকে ৰিপাব্লিক পাৰ্টীৰ সম্পূৰ্ণ লিষ্ট আৰু ডেম’ক্ৰেটিক পাৰ্টীৰ সম্পূৰ্ণ লিষ্টৰ বাবে ভোটদান কৰিব। অৰ্থাত্‍ হয় ৫৫ জনেই জিকিব, নহয় ৫৫ জনেই হাৰিব। ইয়াৰ ফলতেই ট্ৰাম্পে যদিও কম ভোট লাভ কৰিছিল, ইলেক্টোৰেল কলেজত জিকিছিল।

প্ৰেচিডেন্সিয়েল প্ৰাইমাৰিজ চিষ্টেম কি?

আমেৰিকাত ৰিপাব্লিক পাৰ্টী আৰু ডেম’ক্ৰেটিক পাৰ্টীৰ ফালৰ পৰা ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী কোন হ’ব, সেয়া জনসাধাৰণে নিৰ্ধাৰণ কৰে। ইয়াত পাৰ্টীৰ কোনো ভূমিকা নাথাকে। পাৰ্টীয়ে তেওঁলোকৰ ঘোষণা পত্ৰত বহু নেতাৰ নাম ঘোষণা কৰিব পাৰে। কিন্তু পাৰ্টীৰ ফালৰ পৰা চূড়ান্ত প্ৰাৰ্থী কোন হ’ব, সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰে।

আমেৰিকাত চেইন চিষ্টেম চলে। ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী কোন হ’ব, সেয়া জনতা আৰু দলৰ সদস্যই নিৰ্ধাৰণ কৰিব। ইয়াকে প্ৰেচিডেন্সিয়েল প্ৰাইমাৰিজ চিষ্টেম বুলি কয়।

ডেলিগেটচ আৰু চুপাৰ ডেলিগেটৰ মাজৰ প্ৰাৰ্থক্য কি?

নেচনেল কনভেনশ্যনত যিসকল লোক ৰাজ্যৰ পৰা নিৰ্বাচিত হৈ আহে, তেওঁলোকক ডেলিগেটচ বুলি কোৱা হয়। সেইদৰে চুপাৰ ডেলিগেটচ সেইসকল যি, সেই দলৰ পৰা পূৰ্বতে ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। অৰ্থাত্‍ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু সেই পাৰ্টীৰ সাংসদ সদস্য হ’ল চুপাৰ ডেলিগেটচ। নেছনেল কনভেনশ্যনত চূড়ান্ত প্ৰাৰ্থীৰ নিৰ্বাচন হয়। অৰ্থাত্‍ ডেম’ক্ৰেটিক পাৰ্টী বা ৰিপাব্লিক পাৰ্টীৰ তৰফৰ পৰা কোন ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী হ’ব, সেয়া দুয়ো দলৰ নেছনেল কনভেনশ্যনতে নিৰ্ধাৰিত হয়। নেছনেল কনভেনশ্যন বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ তাৰিখত হয়। সম্পূৰ্ণ মাহ ধৰি চলে এই প্ৰক্ৰিয়া।

আমেৰিকাৰ নিৰ্বাচনত প্ৰচাৰ কিদৰে হয়?

আমেৰিকাত কোনো নিৰ্বাচনী বৃহত্‍ সভা অনুষ্ঠিত নহয়। দুয়োটা দলৰে প্ৰাৰ্থীৰ মাজত টিভিত তৰ্ক হয়। আৰু সমগ্ৰ প্ৰক্ৰিয়া লাইভ কৰা হয়।

ইয়াৰ পিছতে নৱেম্বৰ মাহৰ প্ৰথম মঙলবাৰত ভোটদান হয়। সেইদিনা আমেৰিকাৰ জনতাই ইলেক্টোৰেল কলেজৰ বাবে ভোট দিব। সমগ্ৰ দেশতে এদিনতে ভোটদান হয়। সেইদিনাই ৰাষ্ট্ৰপতি পদৰ বাবে, সংসদৰ সদস্যৰ বাবে, কাউঞ্চিলৰ্চ, গভৰ্ণৰ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়।

২০২০ত ৰিপাব্লিক পাৰ্টী আৰু ডেম’ক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী কোন?

এইবাৰ ডেম’ক্ৰেটিক পাৰ্টীৰ পৰা জো বিডেন আৰু ৰিপাব্লিক পাৰ্টীৰ পৰা ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।
Published by: Himangshu Bhuyan
First published: October 11, 2020, 3:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading