Covid-19 চিকিৎসাৰ অন্তত সুস্থ হৈ যাব বিচাৰিছিল ঘৰলৈ! পিছে এম্বুলেন্সে নিজৰ ঘৰৰ সলনি ৮৯ বছৰীয়া বৃদ্ধাক থলেগৈ আনৰ ঘৰত!
গ্ৰেট-ব্ৰিটেইনৰ এগৰাকী অসাৱধান এম্বুলেন্স কৰ্মীয়ে এগৰাকী কোভিদ আক্ৰান্ত হৈ সুস্থ হৈ উঠা ৮৯ বছৰীয়া বৃদ্ধাক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছতে থৈ গ’ল অচিনাকী লোকৰ ঘৰত ৷
গ্ৰেট-ব্ৰিটেইনৰ এগৰাকী অসাৱধান এম্বুলেন্স কৰ্মীয়ে এগৰাকী কোভিদ আক্ৰান্ত হৈ সুস্থ হৈ উঠা ৮৯ বছৰীয়া বৃদ্ধাক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছতে থৈ গ’ল অচিনাকী লোকৰ ঘৰত ৷
- News18 Assam
- Last Updated: April 22, 2021, 12:19 PM IST
গ্ৰেট-ব্ৰিটেইনৰ ঘটনা এয়া ৷ কোভিদ আক্ৰান্ত হৈ সুস্থ হৈ উঠা বৃদ্ধাগৰাকীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছতে অসাৱধানতাৰ পৰিচয় দি এম্বুলেন্স কৰ্মীয়ে নমাই দিয়ে এগৰাকী অচিনাকী লোকৰ ঘৰত ৷
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এলিজাবেথ মাহনী নামৰ বৃদ্ধাগৰাকীয়ে বিগত ১০ সপ্তাহ ধৰি চাউথ ৱেলছৰ পণ্টিপুলৰ কাউণ্টি হাস্পতালত কোভিদ১৯ৰ সৈতে যুঁজ দি আছিল আৰু সুস্থ হৈ উঠাত তেওঁক হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ কিন্তু কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দা হাস্পতালখনৰ এম্বুলেন্স সেৱাই নিজৰ ঘৰৰ পৰিৱৰ্তে থৈ যায় অচিনাকী লোকৰ ঘৰত ৷
এই সম্পৰ্কত দুখ প্ৰকাশ কৰি মাহোনিৰ পুত্ৰ ব্ৰায়ানে কৈছিল “আৰম্ভণিৰ পৰা শেষলৈকে ত্ৰুটিৰ এখন তালিকা আছে । হাস্পতালখনে ১২ মাৰ্চৰ স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১ বজাত ফোন কৰি আমাক জনাইছিল যে মাহোনী ঘৰলৈ গৈ আছে । কিন্তু এঘণ্টাৰ পাছতো তেওঁ উপস্থিত হোৱা নাছিল। তেতিয়া মই চিকিৎসালয়লৈ ফোন কৰিছিল আৰু কোৱা হৈছিল যে "অলপ সমস্যা" হৈছে । সেই সময়ত আমাৰ মনলৈ অহা প্ৰথম চিন্তাটো আছিল তেওঁ সৈতে কিবা অঘটন হৈছে নেকি । প্ৰায় ৩ ঘণ্টা পিছত, চিকিৎসালয়ৰ পৰা আন এটা ফোন পাইছিল আৰু কোৱা হৈছিল যে মাক নিউপৰ্টৰ এটা ঘৰলৈ লৈ যোৱা হৈছে ৷ কিন্তু তাৰ বিৱৰণো স্পষ্ট হোৱা নাছিল ।
ইপিনে এম্বুলেন্স সেৱাই জনোৱা অনুসৰি তেওঁলোকে পৰিয়ালটোৰ ওচৰত ক্ষমা বিচাৰিছে ৷ কিন্তু ব্ৰায়ানে মিৰ'ৰক কৈছিল যে তেওঁ এতিয়াও কৰ্মচাৰীৰ এনে অৱহেলাৰ বাবে আনুষ্ঠানিক কোনো ব্যাখ্যা লাভ কৰা নাই । ব্ৰায়ানে কয় যে তেওঁৰ মাকক সেইসময়ত পুনৰ পৰীক্ষাৰ বাবে চিকিৎসালয়ত পুনৰ ভৰ্তি কৰোৱা হৈছিল কিয়নো তেওঁ পৰিয়ালৰ বিষয়ে অৱগত নোহোৱা ঠাইলৈ গৈছিল, যিহেতু কিছু সময় পূৰ্বেহে কোভিদৰ পৰা আৰোগ্য হৈ উঠিছিল।












