NDFB(S)ৰ গৃহ সচিব বি ৰেবগনসহ অসমৰ ৮ বিদ্ৰোহী ম্যানমাৰৰ বন্দী

বিগত ২৯ জানুৱাৰীৰ পৰা বাৰ্মিজ সেনাই চলাইছিল ম্যানমাৰৰ ছাগায়িং প্ৰদেশৰ টাগা অঞ্চলত অভিযান৷

News18-Assam
Updated:October 13, 2019, 4:58 PM IST
NDFB(S)ৰ গৃহ সচিব বি ৰেবগনসহ অসমৰ ৮ বিদ্ৰোহী ম্যানমাৰৰ বন্দী
ম্যানমাৰৰ আদালতত হাজিৰ কৰোৱাৰ মুহূৰ্তত ভাৰতীয়মূলৰ বিদ্ৰোহীসকল
News18-Assam
Updated: October 13, 2019, 4:58 PM IST
বিজু কুমাৰ ডেকা : দুটা পৰ্যায়ত ম্যানমাৰৰ ভূখণ্ডত বাৰ্মিজ সেনাই চলোৱা অভিযানত বন্দী হোৱা মুঠ ২৪ ভাৰতীয় মূলৰ বিদ্ৰোহীৰ ভিতৰত আছে অসমৰ আঠজন৷ ইয়াৰে এজন NDFB(S)ৰ গৃহ সচিব আৰু বাকীসকল NDFB(S) আৰু KLOৰ নিম্ন পৰ্যায়ৰ নেতা৷

বিগত ২৯ জানুৱাৰীৰ পৰা বাৰ্মিজ সেনাই চলাইছিল ম্যানমাৰৰ ছাগায়িং প্ৰদেশৰ টাগা অঞ্চলত অভিযান৷ দুৰ্ধৰ্ষ টাটমাদাউখ্যাত বাৰ্মিজ সেনাই দুটা পৰ্যায়ত চলোৱা এই অভিযানত তচনচ হৈছিল আলফা (স্বাধীন), NDFB(S), KLO, PLA, UNLF, PREEPAK, KYKL, PDCK আদি সকলো বিদ্ৰোহী সংগঠনৰ সকলো মুখ্য তথা ট্ৰনজিট শিবিৰ৷ দুৰ্ধৰ্ষ গেৰিল সংগঠন
NSCN(K)ৰ মুখ্য শিবিৰ দখল কৰিছিল বাৰ্মিজ সেনাৰ পাঁচ সহস্ৰাধিক জোৱানে৷ শিবিৰ এৰি পলাই পত্ৰং দিছিল সকলো বিদ্ৰোহী সংগঠনৰ সকলো নেতা-কেডাৰ৷ কিন্ত ইয়াৰ মাজতে বাৰ্মিজ সেনাৰ হাতত বন্দী হৈছিল ২৪ বিদ্ৰোহী৷ নিহত হৈছিল আলফা (স্বাধীন)ৰ কেডাৰসহ চাৰিজন৷

ম্যানমাৰত কাৰাগাৰত বন্দী NDFB(S)ৰ গৃহ সচিব বি ৰেগবন


ইপিনে, বাৰ্মিজ সেনাৰ হাতত বন্দী হোৱা ২৪ বিদ্ৰোহীৰ ভিতৰত আছে অসমৰ ৮ বিদ্ৰোহী৷ আঠজনৰ ভিতৰত আছে NDFB(S)ৰ গৃহ সচিবো৷ বাৰ্মিজ সেনাৰ হাতত আটক হোৱা NDFB(S)ৰ গৃহ সচিব বি ৰেগবন এতিয়া ম্যানমাৰৰ কাৰাগাৰত বন্দী৷ বাৰ্মিজ সেনাৰ প্ৰথমটো অভিযানতেই বন্দী হৈছিল ৰেগবন ৷ NEWS18ৰ হাতত পৰা তথ্য মতে বৰ্তমান ম্যানমাৰৰ কাৰাগাৰত বন্দী হৈ আছে ৩ NDFB(S) আৰু পাঁচ KLOৰ নেতা-কেডাৰ৷

বাৰ্মিজ সেনাৰ অভিযানত বন্দী হোৱা অসমৰ এই আঠ বিদ্ৰোহী নেতা-কেডাৰক ইতিমধ্যে দোষী সাব্যস্ত কৰিছে ম্যানমাৰৰ খামটি আদালতে৷ বিহিছে দুবছৰকৈ সশ্ৰম কাৰাদণ্ড৷

উল্লেখযোগ্য যে NSCN(K)ৰ পাঁচ নেতা আৰু মণিপুৰী বিদ্ৰোহী সংগঠনৰ এঘাৰজন নেতা-কেডাৰকো খামটি আদালতে একেই অপৰাধত দুবছৰকৈ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে৷ কাৰাদণ্ডৰ ম্যাদ শেষ হ'ব ২০২১ৰ মে'ত৷ তেতিয়ালৈ ম্যানমাৰৰ কাৰাগাৰতেই বন্দীত্বৰ জীৱন কটাব লাগিব এইসকল অসম তথা উত্তৰ-পূবৰ বিদ্ৰোহীয়ে৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি