এটা কণীৰ দাম ৩০ টকা! প্ৰতি কেজি আদাৰ দাম ১০০০ টকা, পাকিস্তানত মুদ্ৰাস্ফীতি

News18 Assam | News18-Assam
Updated:December 26, 2020, 4:49 PM IST
এটা কণীৰ দাম ৩০ টকা! প্ৰতি কেজি আদাৰ দাম ১০০০ টকা, পাকিস্তানত মুদ্ৰাস্ফীতি
এই মুহূৰ্তত লাহোৰৰ বজাৰত এটা কণীৰ দাম ৩০ টকা। এক ডজন কণী ক্ৰয় কৰিবলৈ খৰচ কৰিব লাগিব ৩৫০ টকা। প্ৰতি কিলো আদাৰ দাম হৈছেগৈ ১০০০ টকা।

এই মুহূৰ্তত লাহোৰৰ বজাৰত এটা কণীৰ দাম ৩০ টকা। এক ডজন কণী ক্ৰয় কৰিবলৈ খৰচ কৰিব লাগিব ৩৫০ টকা। প্ৰতি কিলো আদাৰ দাম হৈছেগৈ ১০০০ টকা।

  • Share this:
২০১৯ৰ ডিচেম্বৰ মাহৰ পৰাই পাকিস্তানত চলিছে অৰ্থনৈতিক মন্দাৱস্থা। মুদ্ৰাস্ফীতিৰ ফলত এতিয়া বজাৰত জুই চাই দাম। প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ সাধাৰণ মানুহ চৰম অসুবিধাৰ সন্মুখীন হৈছে। পাকিস্তানৰ বিখ্যাত বাতৰি কাকত ‘দ্যা ডন’-এ প্ৰকাশ কৰিছে যে, এই মুহূৰ্তত লাহোৰৰ বজাৰত এটা কণীৰ দাম হৈছেগৈ ৩০ টকা। এক ডজন ক্ৰয় কৰিবলৈ খৰচ কৰিবলগীয়া হৈছে ৩৫০ টকা। আনহাতে আদাৰ কিলোৱে অতিক্ৰম কৰিছে হাজাৰৰ ঘৰ। পাকিস্তান চৰকাৰে অনেক প্ৰতিশ্ৰুতি দিলেও চূড়ান্ত ভাবে ব্যৰ্থ হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত।

মানুহৰ আৰ্থিক অৱস্থা উন্নতি কৰাৰ প্ৰতিশ্ৰুতি দিছিল ইমৰাণ খানে। কিন্তু এই পৰ্যন্ত চূড়ান্ত ভাবে ব্যৰ্থ হৈছে মূল্যবৃ্দ্ধি নিয়ন্ত্ৰণত। ইয়াৰ পূৰ্বে আকাশ চুইছিল বিলাহীৰ দামে।

যোৱা বছৰ ডিচেম্বৰ মাহত ৪০ কেজি গম ক্ৰয় কৰিবলৈ খৰচ কৰিবলগীয়া হৈছিল ২ হাজাৰ টকা। চলিত বছৰৰ অক্টোবৰ মাহত ভংগ হৈছে এই ৰেকৰ্ড। বৰ্তমান প্ৰতি কেজি গম বিক্ৰী হৈছে ৬০ টকাত। অৰ্থাত্‍ ৪০ কেজি গমৰ দাম ২,৪০০ টকা। তথাপিও সাধাৰণ মানুহৰ কষ্টৰ প্ৰতি চৰকাৰৰ নাই কোনো গুৰুত্ব। তাৰ বিপৰীতে পাকিস্তানী মিডিয়াত ইমৰাণ খানে প্ৰতিদিনাই ভাৰতক দিছে যুদ্ধৰ চেলেঞ্জ।
Published by: Himangshu Bhuyan
First published: December 26, 2020, 4:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading