আহি গ’ল ইক’ ফ্ৰেণ্ডলী ফোন, ভাঙিলে নিজে কৰিব পাৰিব মেৰামতি
News18 Updated:August 29, 2019, 1:36 PM IST

Fairphone 3 ৰ মড্যুলক সলনি কৰাৰ বিকল্প আছে আৰু ইয়াৰ ফলত ই–ৱেষ্টৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়। ইক’ ফ্ৰেণ্ডলী হোৱাৰ লগতে এই ফোনটো মেৰামতি কৰাও সহজ।
Fairphone 3 ৰ মড্যুলক সলনি কৰাৰ বিকল্প আছে আৰু ইয়াৰ ফলত ই–ৱেষ্টৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়। ইক’ ফ্ৰেণ্ডলী হোৱাৰ লগতে এই ফোনটো মেৰামতি কৰাও সহজ।
- News18
- Last Updated: August 29, 2019, 1:36 PM IST
এই ফোনটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই কথাৰো ধ্যান ৰখা হৈছে যে যিসমূহ সামগ্ৰী নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰা হৈছে সেই পুনঃব্যৱহাৰ্য কপাৰ, প্লাষ্টিক আৰু ই–ৱেষ্ট সমূহ সঠিক মানৰ হয় নে নহয়। অৱশ্যে এই ফোনটোৰ দাম মধ্যবিত্তীয় উপাৰ্জনৰ এজন ব্যক্তিৰ কাৰণে বেছিও হ’ব পাৰে। ফোনটোৰ মূল্য হৈছে ৪৫০ ইউৰ’ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ৩৫,৮০০টকা।
Say hello to the new Fairphone 3: the phone that cares for people and planet. #DareToCare and be one of the first to pre-order: https://t.co/fBTeJHVilI
Change is in your hands. #WeAreFairphone pic.twitter.com/X7W0NU4GXc
— Fairphone (@Fairphone) August 27, 2019
যদিহে দূৰ্ঘটনাবশতঃ এই ফোনটো কিবা কাৰণত পৰে আৰু আন কাৰণত ক্ষতিগ্ৰস্ত হয় তেনেহ’লে ব্যৱহাৰকাৰীয়ে নিজে ফোনটো মেৰামতি কৰিব পাৰিব। ব্যৱহাৰকাৰীয়ে বেয়া হোৱা অংশটো সলনি কৰিবলৈ কোম্পানীৰ সৈতে যোগাযোগ কৰিব লাগিব আৰু অংশটো পোৱাৰ পিছত সেয়া তেওঁ নিজেই সলনি কৰিব পাৰিব। ফোনটো প্ৰায় ৯.৮৯ মিলিমিটাৰ বহল।
বৈশিষ্ট্য
Fairphone 3ত মুঠ ৫.৭ ইঞ্চিৰ ফুল HD ডিচপ্লে আছে যাৰ এচপেক্ট ৰেচিঅ’ ১৮:৯। এণ্ড্ৰয়ইড ৯.০ পাইত ফোনটো পৰিচালিত হয়। ইয়াত ৩০০০mahৰ বেটাৰী আছে। কোম্পানীটোৰ দাবী এই ফোনটো চাৰিদিন চাৰ্জ নকৰাকৈও চলিব। ফটো তুলিবলৈ আছে ১২ মেগাপিক্সেলৰ ৰিয়েৰ কেমেৰা আৰু ৮ মেগাপিক্সেলৰ চেল্ফী কেমেৰা। এই ফোনেৰে ল’ লাইটতো ভাল মানৰ ফটো তুলিব পৰা যায়। কলকাম স্নেপড্ৰেগন ৬৩২ প্ৰচেচৰত ফোনটো চলে আৰু ইয়াত ৪জিবি ৰেম দিয়া হৈছে।