চেনি নাখাব! বিশ্ব স্বাস্থ্য সংস্থাই দিছে সাৱধানবাণী

News18 Assam | News18-Assam
Updated:November 30, 2019, 11:48 AM IST
চেনি নাখাব! বিশ্ব স্বাস্থ্য সংস্থাই দিছে সাৱধানবাণী
এদিনত কেৱল ১ চামুচ নিমখ আৰু ৪ চামুচ পৰ্যন্ত তেলহে খাব

এদিনত কেৱল ১ চামুচ নিমখ আৰু ৪ চামুচ পৰ্যন্ত তেলহে খাব

  • News18 Assam
  • Last Updated: November 30, 2019, 11:48 AM IST
  • Share this:
বিশ্ব স্বাস্থ্য সংস্থাই দিছে বিশেষ সতৰ্কবাণী। মানুহৰ দেহৰ বাবে হানিকাৰক চেনি। বিশ্বৰ সকলো দেশতে বসবাস কৰা লোকৰ স্বাস্থ্য সম্পৰ্কত চিন্তা ব্যক্ত কৰি সকলো লোককে চেনি খোৱাৰ পৰিমাণ হ্ৰাস কৰাৰ পৰামৰ্শ দিছে। WHO ৰ প্ৰতিবেদন অনুসৰি  কেৱল চেনি খোৱাৰ কাৰণেই ভাৰতত ২০২০ পৰ্যন্ত প্ৰায় ৩৫ কোটি লোক গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই চেনিৰ লগতে নিমখ আৰু তেলো খোৱাৰ পৰিমাণো হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে। চেনি, নিমখ আৰু তেল প্ৰয়োজনতকৈ বেছি খালে টাইপ-২ ডায়েবেটিছ, হাইপাৰটেনশ্যন, হাৰ্ট এট্ৰেক আৰু কিডনিৰ বিভিন্ন ৰোগ হ’ব পাৰে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এজন বয়স্ক ব্যক্তিয়ে দিনটোত কেবল ৬ চামুচ (চাহ চামুচ) চেনিহে খোৱা উচিত। ইয়াৰ উপৰি আহাৰত এদিনত কেৱল ১ চামুচ নিমখ আৰু ৪ চামুচ পৰ্যন্ত তেলহে খোৱা উচিত। পিচে, ভাৰতীয় চিকিৎসা সংস্থাৰ প্ৰতিবেদনত যিধৰণৰ তথ্য পোৱা যায় সেয়া অত্যন্ত উদ্বেগজনক কিয়নো ভাৰতত এজন লোকে গড়ে দিনটোত ১৬ৰপৰা ২০ চামুচ চেনি খায় আৰু আহাৰত ২-৩ চামুচ নিমখ তথা প্ৰায় ৮ চামুচ তেল গ্ৰহণ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি