পাকিস্তানত ভূমিকম্পৰ ফলত চাৰিজনৰ মৃত্যু, আহত ৭৬

ভাৰতৰ দিল্লী, পঞ্জাৱ, জম্মু–কাশ্মীৰ, ৰাজস্থান, হাৰিয়াণাতো অনুভূত হয় ভূঁইকঁপৰ জোকাৰণি।

News18-Assam
Updated:September 24, 2019, 7:12 PM IST
পাকিস্তানত ভূমিকম্পৰ ফলত চাৰিজনৰ মৃত্যু, আহত ৭৬
ভাৰতৰ দিল্লী, পঞ্জাৱ, জম্মু–কাশ্মীৰ, ৰাজস্থান, হাৰিয়াণাতো অনুভূত হয় ভূঁইকঁপৰ জোকাৰণি।
News18-Assam
Updated: September 24, 2019, 7:12 PM IST
পাকিস্তানত ভূমিকম্পৰ ফলত মৃত্যু চাৰিজন লোকৰ। আন ৭৬জন লোক আহত হৈছে আজি সন্ধিয়া অনুভূত হোৱা ভূমিকম্পৰ জোকাৰণিত। ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.১। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল পাকিস্তানৰ ৰাৱালপিণ্ডি।

ভাৰতৰ দিল্লী, পঞ্জাৱ, জম্মু–কাশ্মীৰ, ৰাজস্থান, হাৰিয়াণাতো অনুভূত হয় ভূঁইকঁপৰ জোকাৰণি। আনহাতে, পাক অধিকৃত কাশ্মীৰৰ মীৰপুৰত তীব্ৰ জোকাৰণি অনুভূত হয়।

পাকিস্তানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ভূঁইকঁপৰ ফলত মৃত্যু হৈছে চাৰিজন লোকৰ।



আন ৭৬জন লোক আহত হৈছে ভূমিকম্পৰ ফলত। ৰাজপথত বৃহৎ বৃহৎ ফাট মেলাৰ খবৰো আহিছে পাকিস্তানৰ পৰা।




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি