বৃহস্পতিবাৰে পূৱ তাজিকিস্তানত ভূমিকম্পৰ কম্পনে জোকাৰি গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, ঠাইখনত ৬.৮ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। উক্ত ভূমিকম্প স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৫ বাজি ৩৭ মিনিটত প্ৰায় ২০.৫ কিলোমিটাৰ গভীৰতাত আহিছিল।
AFPৰ প্ৰতিবেদন অনুসৰি, ভূমিকম্প কেন্দ্ৰ আছিল আফগানিস্তান আৰু চীনৰ সীমাত অৱস্থিত অৰ্ধ-স্বায়ত্তশাসিত পূৱ অঞ্চল গৰ্নো-বাদাখশান, যি সৰু পাহাৰীয়া চহৰ মুৰ্গোবৰ পৰা প্ৰায় ৬৭ কিলোমিটাৰ দূৰত অৱস্থিত। প্ৰাৰম্ভিক ভূমিকম্পৰ প্ৰায় ২০ মিনিট পিছত অঞ্চলটোত ৫.০ প্ৰাবল্যৰ দ্বিতীয় কম্পনে পুনৰ জোকাৰি যোৱাৰ লগতে কিছু সময়ৰ পিছত ৪.৬ প্ৰাবল্যৰ আন এক জোকাৰণি অনুভৱ হয়।
অঞ্চলটো সুউচ্চ পামিৰ পৰ্বতমালাৰ দ্বাৰা আগুৰি আছে আৰু ইয়াত চাৰেজ হ্ৰদ আছে। ১৯১১ চনত হোৱা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা একুৱামেৰিন ৰঙৰ পানীৰ হ্ৰদ, তাজিকিস্তানৰ সৰ্ববৃহৎ হ্ৰদসমূহৰ ভিতৰত অন্যতম। চাৰেজ হ্ৰদৰ পিছফালে অৱস্থিত পামিৰ পৰ্বতমালাৰ গভীৰতাত থকা এক প্ৰাকৃতিক বান্ধ, আৰু বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে যদি বান্ধটো ভাঙি যায় তেন্তে ইয়াৰ পৰিণাম ভয়ানক হ'ব।
তাজিকিস্তানত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা যথেষ্ট আৰু বানপানী, ভূমিকম্প, ভূমিস্খলন, হিমস্খলন আৰু প্ৰচণ্ড তুষাৰপাতৰ এক দীঘলীয়া ইতিহাস আছে। এই মাহৰ আৰম্ভণিতে, গোৰনো-বাদাখশানত ১৫ ফেব্ৰুৱাৰীত হোৱা হিমস্খলনত ৯ জন লোকৰ মৃত্যু হৈছিল, আনহাতে একেদিনাই ৰাজধানী দুশানবেৰ ওচৰৰ এটা ঘাইপথত হোৱা হিমস্খলনত আন এজন লোকৰ মৃত্যু হৈছিল।
আনহাতে, এক প্ৰচণ্ড ভূমিকম্পত তুৰ্কী আৰু চিৰিয়াৰ কেইবা হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও ৪৭,০০০ ৰো অধিক লোকৰ মৃত্যু হয়। এই ঘটনাৰ দুসপ্তাহৰ পিছত, দেশ দুয়োখনতে পুনৰ ৬.৪ প্ৰাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি হৈছিল যাৰ ফলত ছয়জন লোকৰ মৃত্যু হৈছিল।
ইয়াৰ পিছত ৯০ টা আফটাৰশ্বক (ভূমিকম্পনৰ জোকাৰণি) হৈছিল বুলি তুৰ্কীৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষই (এএফএডি) জনায়। মন কৰিবলগীয়া যে, ৬ ফেব্ৰুৱাৰীত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত তুৰ্কীৰ অন্তকিয়াৰ বাসিন্দাসকল গৃহহীন হৈ পৰিছিল আৰু কেম্পত বাস কৰিব লগা হৈছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 23, 2023, 14:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।