সোমবাৰে পুৱাই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ নিকোবৰ দ্বীপপুঞ্জ অঞ্চলক এক ভূমিকম্পই জোকাৰি যায়। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ প্ৰতিবেদন অনুসৰি, পুৱা প্ৰায় ৫ বাজি ৭ মিনিটত ভূমিকম্প অনুভৱ কৰা হৈছিল। ভূমিকম্পটো ৰিখটাৰ স্কেলত ৫.০ প্ৰাৱল্যৰ আছিল। অৱশ্যে, এতিয়ালৈকে কোনো ক্ষতি নিশ্চিত কৰা হোৱা নাই।
উল্লেখযোগ্য যে, তুৰস্ক আৰু চিৰিয়াত হোৱা ভূমিকম্পই সমগ্ৰ বিশ্বক শংকিত কৰি তুলিছে। প্ৰায় ৫০ হাজাৰ লোকৰ মৃত্যুৰ বাতৰিয়ে সকলোকে শোকস্তব্ধ কৰি তোলে। মন কৰিবলগীয়া যে, ভাৰতৰ বহুতো ৰাজ্য ভূমিকম্পৰ আটাইতকৈ বেছি প্ৰভাৱিত এলেকাত পৰে। ভাৰতীয় মানদণ্ড ব্যুৰ'ৱে দেশখনক পাঁচটা পৃথক ভূমিকম্প ক্ষেত্ৰত বিভক্ত কৰিছে। পঞ্চম অঞ্চলত পৰা এলেকাবোৰ আটাইতকৈ বিপদজনক আৰু সক্ৰিয় বুলি গণ্য কৰা হয়। এই অঞ্চলত পৰা ৰাজ্যসমূহ বিধ্বস্ত হোৱাৰ সম্ভাৱনা অধিক।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 06, 2023, 12:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।