মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»পৃথিৱীৰ Magnetic Fieldৰ শক্তি ক্ৰমাৎ হ্ৰাস, ভয়ানক ক্ষতিৰ আশংকা বিজ্ঞানীসকলৰ

পৃথিৱীৰ Magnetic Fieldৰ শক্তি ক্ৰমাৎ হ্ৰাস, ভয়ানক ক্ষতিৰ আশংকা বিজ্ঞানীসকলৰ

News18 Assam | News18-Assam
Updated:July 1, 2020, 3:34 PM IST
পৃথিৱীৰ Magnetic Fieldৰ শক্তি ক্ৰমাৎ হ্ৰাস, ভয়ানক ক্ষতিৰ আশংকা বিজ্ঞানীসকলৰ
(Image: NASA Marshall Space Flight Center)

ইউনিভাৰ্চিটি অৱ আলবেৰ্টাৰ গৱেষকসকলে জনাইছে ইয়াৰ আঁৰত আছে পৃথিৱীৰ এক গভীৰ তত্ব।

  • Share this:
নিউয়ৰ্কঃ মে’ মাহৰ আৰম্ভনিতে বিজ্ঞানীসকলে পৃথিৱীৰ মেগনেটিক ফিল্ড বা চুম্বকীয় ক্ষেত্ৰৰ কিছু পৰিৱৰ্তন লক্ষ্য কৰিছিল। ভূমধ্যসাগৰৰ ওপৰত পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ কিছু পাতল হৈ পৰা নিৰীক্ষণ কৰিছিল বিজ্ঞানীসকলে। যাৰ কাৰণে যিকোনো সময়ত বিপৰ্যয় ঘটাৰ আশংকা কৰা হৈছিল। কিন্তু কিয় হৈছে এনে? ‌

শেহতীয়াকৈ ইউনিভাৰ্চিটি অৱ আলবেৰ্টাৰ গৱেষকসকলে জনাইছে ইয়াৰ আঁৰত আছে পৃথিৱীৰ এক গভীৰ তত্ব। তেওঁলোকৰ মতে, পৃথিৱীৰ গভীৰত  বিভিন্ন তৰল বস্তুৰ সঞ্চালনাত যি তৰংগ তৈয়াৰ হয় তাৰ গতি সলনি হৈছে। ইয়াক কোৱা হয়, ‘‌high conductance in lowermost mantle’‌। ইয়াৰ ফলত পৃথিৱীৰ এই চুম্বকীয় ক্ষেত্ৰৰ ক্ৰমাৎ শক্তিক্ষয় হৈছে।

গৱেষকৰ মতে পৃথিৱীৰ সকলো ঠাইতে ভূ–গৰ্ভত এই তৰল বস্তুৰ সঞ্চালনৰ গতি একে নহয়। সকলো ঠাইতে সেইকাৰণে একে প্ৰভাৱ দেখা নাযায়। কেৱল ভূমধ্যসাগৰীয় ক্ষেত্ৰত এই চুম্বকীয় ক্ষেত্ৰৰ শক্তিক্ষয় হৈছে।

ইয়াৰ ফলত কি হ’ব পাৰে? চুম্বকীয় ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ সকলো ইয়াৰ কাৰণে সলনি হ’ব পাৰে। ডাঙৰ ক্ষতি হ’ব পাৰে বৰ্তমান পৃথিৱীৰ প্ৰচলিত প্ৰযুক্তি ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশৰ।
First published: July 1, 2020, 3:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি