• Home
  • »
  • News
  • »
  • world
  • »
  • পকেটত কণ্ডমৰ ৰচিদ পোৱাৰ বাবে ডাৰবান আৰক্ষীৰ এগৰাকী বিষয়াই গুলিয়াই হত্যা কৰিলে নিজৰ বয়ফ্ৰেণ্ডক

পকেটত কণ্ডমৰ ৰচিদ পোৱাৰ বাবে ডাৰবান আৰক্ষীৰ এগৰাকী বিষয়াই গুলিয়াই হত্যা কৰিলে নিজৰ বয়ফ্ৰেণ্ডক

পকেটত কণ্ডমৰ ৰচিদ পোৱাৰ বাবে ডাৰবান আৰক্ষীৰ এগৰাকী বিষয়াই গুলিয়াই হত্যা কৰিলে নিজৰ বয়ফ্ৰেণ্ডক

পকেটত কণ্ডমৰ ৰচিদ পোৱাৰ বাবে ডাৰবান আৰক্ষীৰ এগৰাকী বিষয়াই গুলিয়াই হত্যা কৰিলে নিজৰ বয়ফ্ৰেণ্ডক

ইপিডৰ মুখপাত্ৰ লিজি ছুপিঙৰ দ্বাৰা অভিযোগ কৰা হৈছে যে বিষয়াগৰাকীৰ ট্ৰাউজাৰৰ পকেটত কণ্ডমৰ ৰচিদ পোৱাৰ পিছত তেওঁৰ সংগীৰ সৈতে কাজিয়া হৈছিল।

  • Share this:
ডাৰবান হাৰ্বাৰ আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই নিজৰ প্ৰেমিকক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। স্বতন্ত্ৰ আৰক্ষী তদন্ত সঞ্চালকালয় (Independent Police Investigative Directorate)ৰ মতে, দেওবাৰে উডলেণ্ডছত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা।

ইপিডৰ মুখপাত্ৰ লিজি ছুপিঙৰ দ্বাৰা অভিযোগ কৰা হৈছে যে বিষয়াগৰাকীৰ ট্ৰাউজাৰৰ পকেটত কণ্ডমৰ ৰচিদ পোৱাৰ পিছত তেওঁৰ সংগীৰ সৈতে কাজিয়া হৈছিল। এই কাজিয়াৰ ফলত ভুক্তভোগীক নৃসংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল। অপৰাধ সংঘটিত কৰিবলৈ এটা চাৰ্ভিছ পিষ্টল ব্যৱহাৰ কৰা হৈছিল।

ঘটনা সংঘটিত হোৱাৰ পিছতে বিষয়াগৰাকীয়ে নিজকে আৰক্ষীক গতাই দিয়ে। মঙলবাৰে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হয়, তাৰ পিছত ৩ হাজাৰ টকাৰ জামিনত মুকলি কৰি দিয়া হয়। ছুপিঙে কয় যে ইপিডৰ তদন্ত অব্যাহত আছে আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত সঞ্চালকালয়ে ফলাফলৰ ওপৰত ঘোষণা কৰিব।
Published by:Subham Goswami
First published: