মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ গৈ সেনা জোৱানে গুলীয়াই হত্যা কৰিলে ২৬ জন নিৰীহক

News18 Assam | News18-Assam
Updated:February 9, 2020, 4:28 PM IST
মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ গৈ সেনা জোৱানে গুলীয়াই হত্যা কৰিলে ২৬ জন নিৰীহক
হাতত বন্দুক লৈ হঠাৎ শ্ব’পিং মলত প্ৰৱেশ সেনা জোৱানৰ, গুলীয়াই হত্যা কৰিলে ২৬ জন লোকক

হাতত বন্দুক লৈ হঠাৎ শ্ব’পিং মলত প্ৰৱেশ সেনা জোৱানৰ, গুলীয়াই হত্যা কৰিলে ২৬ জন লোকক

  • Share this:
ঘৰুৱা সমস্যাই ল’লে ভয়ংকৰ ৰূপ। ঘৰ বিক্ৰী কৰি মানসিক ভাবে ভাগি পৰা সেনা জোৱানে হাতত বন্দুক লৈ হঠাৎ প্ৰৱেশ কৰে শ্বপিঙ মলত। মলটোত থকা ২৬ জনকৈ নিৰিহ লোকক গুলীয়াই হত্যা কৰে  জোৱান জনে। থাইলেণ্ডত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

নিজৰ ঘৰ বিক্ৰীকৰাকলৈ মানসিক চাপত আছিল যুৱকজন। ঘটনাক দুখ প্ৰকাশ কৰি থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে কয় যে, এই ঘটনা একেবাৰে অপ্ৰত্যাশিত। এনে ঘটনা আৰু কেতিয়াও নহওক।’

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখপাত্ৰই কয় যে সেনাৰ কনিষ্ঠ বিষয়া জকৰাফন্থ থোমাই সেনা শিবিৰৰ পৰা মাৰণাস্ত্ৰ চুৰি কৰি পলায়ন কৰিছিল। মাৰণাস্ত্ৰ চুৰি কৰাৰ পূৰ্বে কমাণ্ডিং অফিচাৰৰ ওপৰতো আক্ৰমণ চলাইছিল জোৱানজনে। এই আক্ৰমণৰ পিছতে শ্বপিং চেণ্টাৰ আৰু এটা বৌদ্ধ মন্দিৰতো গুলীচালনা কৰে।


ইয়াৰ পিছতে বন্দুকধাৰীয়ে ফেচবুকত নিজৰ ফটো পোষ্ট কৰি লিখিছে – ‘মই আত্মসমৰ্পণ কৰা উচিত নেকি? মৃত্যুৰ পৰা কোনো সাৰি যাব নোৱাৰিব’। ফেচবুকত এটা ভিডিঅ’ও শ্বেয়াৰ কৰে আক্ৰমণকাৰীয়ে, যিটো পিছত আঁতৰাই দিয়া হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি