কোৰোণা ভাইৰাছত ১৭জনৰ মৃত্যুৰ পিছত চীনত হাহাকাৰ, য়ুহানত বিমান, বাছ আৰু ৰে’লসেৱা বন্ধ

News18 Assam | News18-Assam
Updated:January 23, 2020, 12:14 PM IST
কোৰোণা ভাইৰাছত ১৭জনৰ মৃত্যুৰ পিছত চীনত হাহাকাৰ, য়ুহানত বিমান, বাছ আৰু ৰে’লসেৱা বন্ধ
চুবুৰীয়া ৰাষ্ট্ৰখনত ১৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৭১টা এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে।

চুবুৰীয়া ৰাষ্ট্ৰখনত ১৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৭১টা এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে।

  • Share this:
কোৰোণা ভাইৰাছত এইপৰ্যন্ত ১৭জন লোকৰ মৃত্যু হোৱাৰ পিছত চীনত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। য়ুহান চহৰত বন্ধ কৰি দিয়া হৈছে যাতায়াত ব্যৱস্থা। অত্যন্ত প্ৰয়োজন নহ’লে চহৰৰ পৰা বাহিৰলৈ নাযাবলৈ কোৱা হৈছে জনসাধাৰণক। য়ুহানত এক কোটিৰো অধিক লোকে বাস কৰে। স্থানীয় লোকসকলক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনোৱা হৈছে।

চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰি য়ুহান চহৰৰ পৰা যাবলগীয়া সকলো বিমান, বাছ আৰু ৰে’ল বন্ধ কৰি দিয়া হৈছে। এসপ্তাহৰ ভিতৰত চীনৰ পৰা লাখ লাখ লোক নতুন বছৰ উদযাপনৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰস্তুতি চলাইছিল। চীনৰ য়ুহান চহৰত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা অধিক। এক কোটিৰো অধিক আবাদীৰ য়ুহান চহৰত এটা মুখ্য পৰিবহণ কেন্দ্ৰ আছে। অৱশ্যে বৰ্তমান জনসাধাৰণ ঘৰতে থাকিবলৈ বাধ্য হৈছে।

চুবুৰীয়া ৰাষ্ট্ৰখনত ১৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৭১টা এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে। বুধবাৰে ভিয়েনাত বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক জৰুৰীকালীন বৈঠক অনুষ্ঠিত হৈছিল, আজিও পুনৰ অনুষ্ঠিত হ’ব বৈঠক। ছোৱাইন ফ্লু আৰু ইবোলাৰ সময়ৰ দৰে কোৰোণা ভাইৰাছৰ সংক্ৰমণতো আন্তঃৰাষ্ট্ৰীয় জনস্বাস্থ্য দুৰ্যোগ ঘোষণা কৰাক লৈ বিবেচনা কৰা হৈছে বৈঠকত। WHOৰ ফালৰ পৰা কোৱা হৈছে যে চীনে এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে যাতে এই বীজাণু বিশ্বজুৰি বিয়পাৰ পৰা ৰক্ষা কৰিব পৰা যায়।
আৰু চাওক
পৰৱৰ্তী বাতৰি