• Home
  • »
  • News
  • »
  • world
  • »
  • 'চন্দ্ৰ'ক এইবাৰ পৃথিৱীলৈ নমাব সংযুক্ত আৰৱ এমিৰেটছে

'চন্দ্ৰ'ক এইবাৰ পৃথিৱীলৈ নমাব সংযুক্ত আৰৱ এমিৰেটছে

চন্দ্ৰ আকৃতিৰ মেগা-ৰিজৰ্টখনত আধুনিক সা-সুবিধা থকাৰ লগতে এটা নাইট ক্লাব আৰু ৱেলনেছ চেন্টাৰ থাকিব।

চন্দ্ৰ আকৃতিৰ মেগা-ৰিজৰ্টখনত আধুনিক সা-সুবিধা থকাৰ লগতে এটা নাইট ক্লাব আৰু ৱেলনেছ চেন্টাৰ থাকিব।

চন্দ্ৰ আকৃতিৰ মেগা-ৰিজৰ্টখনত আধুনিক সা-সুবিধা থকাৰ লগতে এটা নাইট ক্লাব আৰু ৱেলনেছ চেন্টাৰ থাকিব।

  • Share this:
সংযুক্ত আৰৱ এমিৰেটছ ইয়াৰ আকাশচুম্বী আৰু সুন্দৰ অট্টালিকাৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। এইসমূহৰ ভিতৰত ডুবাইৰ বুৰ্জ খলিফা অন্যতম যি সমগ্ৰ বিশ্বৰ মানুহে পৰিদৰ্শন কৰিবলৈ আহে। এইবাৰ ডুবাই চহৰখনৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰিবলৈ ইউএইয়ে এক বিশাল চন্দ্ৰ ৰিজৰ্ট নিৰ্মাণৰ প্ৰস্তুতি কৰি আছে। জানিব পৰা মতে চন্দ্ৰৰ দৰে দেখা এটা অট্টালিকা প্ৰথমে নিৰ্মাণ কৰা হ'ব যাক পাছত ৰিজৰ্টৰ আকৃতি দিয়া হ'ব। ৰিজৰ্টখন নিৰ্মাণ কৰিবলৈ ৪.২ বিলিয়ন পাউণ্ড (প্ৰায় ৩৮ হাজাৰ কোটি টকা) ব্যয় হোৱাৰ সম্ভাৱনা আছে। এই বিচিত্ৰ আৰু অত্যন্ত ব্যয়বহুল প্ৰকল্পটোৰ কাম শ্ৰীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে।

প্ৰতি বছৰে ২৫ লাখ পৰ্যটক আকৰ্ষিত হ'বঃ

চন্দ্ৰ আকৃতিৰ মেগা-ৰিজৰ্টখনত আধুনিক সা-সুবিধা থকাৰ লগতে এটা নাইট ক্লাব আৰু ৱেলনেছ চেন্টাৰ থাকিব। চন্দ্ৰ ৰিজৰ্টে প্ৰতি বছৰে ২.৫ নিযুত অতিথিক আকৰ্ষিত কৰিবলৈ সফল হ'ব বুলি আশা কৰা হৈছে। জানিব পৰা মতে, ৰিজৰ্টখনৰ নিৰ্মাণক এক বৃহৎ আকাৰ দিয়া হ'ব আৰু চন্দ্ৰসদৃশ গোলকৰ পৰিধি ৬২২ মিটাৰ পৰ্যন্ত হ’ব। এই ৰিজৰ্টে প্ৰতি বছৰত ১.৫ বিলিয়ন ইউৰো (১৩ হাজাৰ কোটি টকা)তকৈ অধিক টকা উপাৰ্জন কৰাৰ সম্ভাৱনা আছে।

অতিথিসকলে চন্দ্ৰৰ শ্বাটলত যাত্ৰা কৰিব পাৰিবঃ

চন্দ্ৰসদৃশ ৰিজৰ্টখনত অতিথিসকলে মুন শ্বাটলত উঠি দৰ্শন উপভোগ কৰিবলৈ পাৰিব যিয়ে ৰিজৰ্টৰ চাৰিওফালে থকা ট্ৰেকত মানুহক ঘূৰাবলৈ সক্ষম হ'ব। ইয়াৰোপৰি, ৰিজৰ্টৰ ট্ৰেকটো ইয়াৰ আকৃতিৰ কেন্দ্ৰ ভাগত এটা ঘূৰণীয়া আকৃতিত নিৰ্মাণ কৰা হ'ব। এই ডিস্কৰ শীৰ্ষ মহলাৰ ২৩ শতাংশ কেচিনোৰ বাবে, ৯ শতাংশ নাইট ক্লাবৰ বাবে আৰু ৪ শতাংশ ৰেষ্টুৰেণ্টৰ বাবে দিয়া হ'ব বুলি জানিব পৰা গৈছে। এই ৰিজৰ্টৰ বিলাসী টেৰেছৰ এক-তৃতীয়াংশ বীচ ক্লাব, আন এক-তৃতীয়াংশ লেগুন আৰু চাৰি শতাংশ গ্ৰেণ্ড এম্ফিথিয়েটাৰ থাকিব।

ডুবাইৰ অৰ্থনীতিক এক নতুন উচ্চতালৈ নিব এই ৰিজৰ্টেঃ

চন্দ্ৰআকৃতিৰ মেগা-ৰিজৰ্ট মুন ৱৰ্ল্ড ৰিজৰ্টৰ দ্বাৰা পৰিকল্পনা কৰা হৈছে। চেন্দ্ৰা জি মেথিউছ আৰু মাইকেল আৰ হেণ্ডাৰচন এই ৰিজৰ্টৰ সহ-প্ৰতিষ্ঠাপক। তেওঁ আৰবীয়ান ৱৰ্ল্ডক দিয়া এক সাক্ষাৎকাৰত কয় যে চন্দ্ৰই ডুবাই পৰ্যটনকে ধৰি ইউএইৰ অৰ্থনীতিৰ প্ৰতিটো দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। ইয়াৰোপৰি ই পৰিবহন, বাণিজ্য আৰু আৱাসিক ৰিয়েল ইষ্টেট, আন্তঃগাঁথনি, বিত্তীয় সেৱা, বিমান আৰু মহাকাশ, শক্তি, কৃষি, প্ৰযুক্তি আৰু শিক্ষাৰ দৰে মূল ক্ষেত্ৰসমূহক লক্ষ্য কৰিব।

পৰ্যটকৰ সংখ্যা দুগুণ কৰাৰ দাবীঃ

ৰিজৰ্টৰ প্ৰতিষ্ঠাপকসকলে কয় যে, চন্দ্ৰ আকৃতিৰ এই মেগা-ৰিজৰ্ট মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা অঞ্চলৰ সৰ্ববৃহৎ আৰু সফল আধুনিক পৰ্যটন প্ৰকল্প বুলি প্ৰমাণিত হ'ব। তেওঁলোকে দাবী কৰিছে যে ই ডুবাইলৈ অহা পৰ্যটকৰ সংখ্যা দুগুণ বৃদ্ধি কৰিব। অৱশ্যে, কৰ্তৃপক্ষ আৰু পৰিকল্পনাকাৰীসকলে বৰ্তমান এই প্ৰকল্পটোৰ নিৰ্মাণৰ বাবে সঠিক স্থান বিচাৰি আছে। প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ প্ৰায় চাৰি বছৰ সময় লাগিব যি ২০২৬ বা ২০২৭ চনৰ পাছতহে পৰ্যটকৰ বাবে মুকলি কৰিব পৰা যাব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি