২৭১কোটি টকা লৈ পলায়ন ডুবাইৰ শাসকৰ ষষ্ঠ পত্নীৰ, লগত নিলে দুই সন্তান

news18
Updated:July 1, 2019, 2:37 PM IST
২৭১কোটি টকা লৈ পলায়ন ডুবাইৰ শাসকৰ ষষ্ঠ পত্নীৰ, লগত নিলে দুই সন্তান
news18
Updated: July 1, 2019, 2:37 PM IST
ইউএইৰ প্ৰধানমন্ত্ৰী তথা উপাধ্যক্ষ (শ্বাহ) শ্বেখ মহম্মদ বিন ৰছিদ অল মকতুমৰ ষষ্ঠ পত্নীৰ সৈতে শেহতীয়াকৈ বিবাদ চলি আছিল।

ডুবাইৰ আৰৱপতি শাসকৰ ষষ্ঠ পত্নী হায়া দুশ কোটিৰো অধিক ধন আৰু দুয়োটা সন্তানসহ সন্ধানহীন হৈ আছে। সংবাদমাধ্যমত ওলোৱা বাতৰি অনুসৰি ইউএইৰ প্ৰধানমন্ত্ৰী তথা উপাধ্যক্ষ (শ্বাহ) শ্বেখ মহম্মদ বিন ৰছিদ অল মকতুমৰ সৈতে ষষ্ঠ পত্নীৰ সম্পৰ্ক ভাল চলি থকা নাছিল। জানিব পৰা মতে হায়া বৰ্তমান লণ্ডনত আত্মগোপন কৰি আছে। 

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ অন্যতম ডুবাইৰ শ্বেখ

জৰ্ডানৰ ৰজা কিংগ আব্দুল্লাহ (শ্বাহ বা ৰজা) ৰ সতীয়া ভগ্নী হায়াই নিজৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে। ডুবাইৰ সলনি জাৰ্মানীত বসতি স্থাপন কৰিব বিচাৰিছে হায়াই। তেওঁ জাৰ্মানীৰ চৰকাৰৰ ওচৰত নিজৰ সন্তানদ্বয়  জালিয়া (১১বছৰ) আৰু জায়েদ (সাত বছৰ)ৰ সৈতে ৰাজনৈতিক শৰণ বিচাৰিছে। 

স্বামীৰ পৰা আঁতৰি যোৱাৰ সময়ত হায়াই যথেষ্ট পৰিমাণৰ ধন লগত লৈ যোৱাৰ কথা প্ৰকাশ পাইছে। অন্তঃত ধনৰ কাৰণে তেওঁ সংঘৰ্ষ কৰিব নালাগে বুলি প্ৰকাশ। 

অক্সফৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল হায়াই

সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে প্ৰিন্সেস হায়া পশ্চিমীয়া দেশৰ সৈতে ভালদৰে পৰিচিত যিহেতু তেওঁ ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ত পঢ়া–শুনা কৰিছিল। ইয়াৰ পিছত তেওঁ সমাজ কৰ্মৰ সৈতে জৰিত হৈ পৰে। 

ফেব্ৰূুৱাৰী মাহৰ পৰা তেওঁক কোনো ধৰনৰ ৰাজনৈতিক অনুষ্ঠান অথবা ছচিয়েল মিডিয়া প্লেটফৰ্মত দেখিবলৈ পোৱা হোৱা নাই। ইয়াৰ আগত ৰাজহুৱা জীৱনত তেওঁ যথেষ্ট সক্ৰিয় আছিল। ছচিয়েল মিডিয়াত তেওঁ যোৱা ২০মে’ত শেষবাৰ পোষ্ট কৰিছিল। 

ডুবাইৰ পৰা বাহিৰলৈ যাওঁতে এইখন দেশে সহায় কৰিছে?

আৰবৰ সংবাদমাধ্যমৰ মতে প্ৰিন্সেস হায়াক ডুবাইৰ পৰা ওলাই যাওঁতে জাৰ্মানীৰ ৰাজনেতাসকলে সহা. কৰিছে। ইমানবোৰ ধন আৰু দুটাকৈ সন্তান লৈ ডুবাইৰ পৰা ওলাই যোৱাটো অন্যথাই সম্ভৱ নাছিল। জাৰ্মানীৰ একাংশ উচ্চপদস্থ নেতাৰ সৈতে সুসম্পৰ্ক থকাৰ বাবেই জাৰ্মান দূতাবাসত তেওঁ আশ্ৰয় লোৱাৰ প্ৰসংগ সহজ হৈ পৰিছে।

জাৰ্মানী আৰু ইউএইৰ মাজত কূটনৈতিক সংকট সৃষ্টি হ’ব পাৰে

প্ৰিন্সেস হায়াই ডুবাইৰ পৰা পলায়ন কৰি জাৰ্মানীত আশ্ৰয় গ্ৰহণ কৰাৰ খবৰ ওলোৱাৰ পিছতে ক্ষুব্ধ স্বামী ইউএইৰ শ্বেখ মহম্মদ বিন ৰছিদ অল মকতুমে তাৎক্ষণিকভাৱে জাৰ্মানী চৰকাৰৰ পৰা এইবিষয়ে তথ্য বিচাৰিছে। ফোনযোগে নিজৰ বেগমক ঘুৰাই দিবলৈও জাৰ্মানীৰ শাসকসকলক দাবী কৰিছে শ্বেখে। জাৰ্মানীয়ে সহায় কৰিবলৈ অস্বীকাৰ কৰিছে।

শ্বেখৰ জীয়ৰিয়েও পলায়নৰ চেষ্টা কৰিছিল

প্ৰিন্সেস হায়াৰ পূৰ্বে ডুবাইৰ কন্যা ৰাজকুমাৰী লতিফাইও দেশত্যাগ কৰি পলায়ন কৰিছিল। অৱশ্যে তেতিয়া তেওঁক গোৱাৰ সমীপত ভাৰতীয় তটৰক্ষক বাহিনীয়ে তেওঁক কৰায়ত্ব কৰিছিল। ইয়াৰ পিছতে কিছু সামান্য কাগজৰ কাম সম্পন্ন কৰি তেওঁক নিজৰ পিতৃৰ কাষত গতাই দিয়া হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি