ডুবাইত শোকাৱহ পথ দূৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১২ ভাৰতীয়ই

ডুবাইত সংঘটিত হৈছে এক শোকাৱহ বাছ দূৰ্ঘটনা।দুৰ্ঘটনাত ১২ ভাৰতীয়সহ মুঠ ১৭জন লোকৰ মৃত্যু।

news18assam
Updated:June 7, 2019, 9:48 PM IST
ডুবাইত শোকাৱহ পথ দূৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১২ ভাৰতীয়ই
ডুবাইত সংঘটিত হৈছে এক শোকাৱহ বাছ দূৰ্ঘটনা।দুৰ্ঘটনাত ১২ ভাৰতীয়সহ মুঠ ১৭জন লোকৰ মৃত্যু।
news18assam
Updated: June 7, 2019, 9:48 PM IST
বৃহস্পতিবাৰে ডুবাইত সংঘটিত হ’ল এক ভয়াৱহ পথ দুৰ্ঘটনা। ৩১ জন যাত্ৰী থকা এখন বাছে ৰছিদিয়া নামৰ এখন ঠাই পাৰ হ’বলৈ লওতেই সংঘটিত হয় এই ভয়ংকৰ পথ দূৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত ১৭ গৰাকীয়ে যাত্ৰী।দূৰ্ঘটনাৰ ফলত বাছ খনত থকা ১২ গৰাকী লোকেও দুৰ্ভাগ্যজনক ভাৱে সাবটি ল’ব লগীয়া হয় মৃত্যু। বাছখনে এটা মূৰ্তিত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাতো। নিহত ভাৰতীয়সকলৰ আত্মীয়ৰ সৈতে যোগাযোগৰ বাবে ইতিমধ্যে চেষ্টা অব্যাহত ৰাখিছে ডুবাইস্থিত ভাৰতীয় দূতাবাসে।

দূৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় লোকসকল ক্ৰমে তিলকৰাম জৱাহৰ ঠাকুৰ  ৰেছমা ফিৰোজ খান পাঠান, দীপক কুমাৰ,  ৰাজগোপালন, , কিৰণ জনী, বাসুদেৱ আৰু ফিৰোজ খান পাঠান বুলি ইতিমধ্যে জানিব পৰা গৈছে। সেইদৰে দূৰ্ঘটনাৰ ফলত গুৰুতৰ ভাৱে আহত হৈছে  কেইবাজনো ভাৰতীয় লোক।ইতিমধ্যে আহত লোকসকলক  ডুবাইৰ ৰছিদ হাস্পতালত ভৰ্তি কৰা হৈছে। ভাৰতীয় লোকসকলে যিকোনো সহায় বিচাৰিলে ডুবাইস্থিত ভাৰতীয় দূতাবাসৰ হেল্পলাইন নম্বৰ +৯৭১-৫৬৫৪৬৩৯০৩ত যোগাযোগ কৰাৰ বাবে আহ্বান জনোৱা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি