• Home
  • »
  • News
  • »
  • world
  • »
  • Girl Locked in Car: গাড়ীত কেইবাঘণ্টা ধৰি আবদ্ধ হৈ থাকিল ২ বছৰীয়া কণমানি কন্যা, মাক-দেউতাক সুৰাৰ আনন্দত হৈ আছিল মাতাল!

Girl Locked in Car: গাড়ীত কেইবাঘণ্টা ধৰি আবদ্ধ হৈ থাকিল ২ বছৰীয়া কণমানি কন্যা, মাক-দেউতাক সুৰাৰ আনন্দত হৈ আছিল মাতাল!

Girl Locked in Car: এহাল অভিভাৱকে নিজৰ দুবছৰীয়া কন্যা সন্তানক গাড়ীৰ ভিতৰত লক কৰি থলে কেৱল সুৰাপান কৰি স্কীইং কৰিবলৈ।

Girl Locked in Car: এহাল অভিভাৱকে নিজৰ দুবছৰীয়া কন্যা সন্তানক গাড়ীৰ ভিতৰত লক কৰি থলে কেৱল সুৰাপান কৰি স্কীইং কৰিবলৈ।

Girl Locked in Car: এহাল অভিভাৱকে নিজৰ দুবছৰীয়া কন্যা সন্তানক গাড়ীৰ ভিতৰত লক কৰি থলে কেৱল সুৰাপান কৰি স্কীইং কৰিবলৈ।

  • Share this:
সন্তানৰ বাবে তেওঁলোকৰ পিতৃ-মাতৃতকৈ ডাঙৰ কোনো কেয়াৰটেকাৰ থকািব নোৱাৰে। প্ৰায় সকলো সময়তে মাক-দেউতাক সন্তানৰ আশে-পাশে থাকে। কিন্তু দুনীয়াত এনে কিছউমান প্তৃমাতৃ আছি যিসকলৰ বাবে সন্তানৰ সুৰক্ষাতকৈ তেওঁলোকৰ নিজৰ আনন্দ-স্ফূৰ্তি বা মস্তিহে অধিক প্ৰিয়। এনে এহাল অভিভাৱকে নিজৰ দুবছৰীয়া কন্যা সন্তানক গাড়ীৰ ভিতৰত লক কৰি থলে কেৱল সুৰাপান কৰি স্কীইং কৰিবলৈ।

শুনিবলৈ আচহুৱা যেন লাগিলেও এনেধৰণৰ পিতৃ-মাতৃয়ে সন্তানক বিপদত পেলাই যোৱাৰ সময়ত এবাৰো ভাবি নাচায়। এনে এক ঘটনা আমেৰিকাৰ নিউয়ৰ্কত সংঘটিত হৈছে। এক দম্পতীয়ে ভাৰমণ্টৰ এখন ৰিজৰ্টলৈ গৈছিল আৰু তাত তেওঁলোকে স্কীইং কৰাৰ ইচ্ছা কৰিছিল। কিন্তু ২ বছৰীয়া কন্যাটি থকা বাবে দুয়ো কিছু অসুবিধাত পৰিছিল। পিছত তেওঁলোকে যি কৰিলে সেয়া সাধাৰণতে কোনো মাক-দেউতাকেই নকৰে।

নিউয়ৰ্কৰ ২১ বছৰীয়া কেটলিন ব্ৰেণ্ট (Katelynn Brent) আৰু ২৯ বছৰীয়া কোৰে আহাৰ্ণ (Corey Ahern)এ নিজৰ কণমানি জীয়েকক লৈ কিলিংটন ৰিজৰ্চলৈ গৈছিল। সেইসময়ত অঞ্চলটোৰ তাপমান মাইনাছ ২ ডিগ্ৰী আছিল। তেওঁলোকৰ হাতত ফ্ৰী স্কীইং কৰাৰ পাছ আছিল। এই বিনামূলীয়া পাছ ব্যৱহাৰ কৰিবলৈ দুয়োজন ইমান অস্থিৰ হৈ পৰিল যে নিজৰ কণমানি কন্যাক গাড়ীত লক কৰি গুচি গ'ল। ভয়ংকৰ কথাটো হ'ল সেই সময়ত কণমানিজনীৰ ওচৰে-পাজৰে আন কোনো নাছিল। পিছে কেইজনমান তহলগাৰী আৰক্ষীয়ে কণমানিজনীক দেখা পায় আৰু মাক-দেউতাকক বিচাৰবলৈ ধৰে।

কিছুসময় পিছত শিশুটিৰ মাক-দেউতাকক বিচাৰি পায় আৰক্ষীয়ে। সেইসময়ত মাক-দেউতাক দুয়োজন নিচাসক্ত হৈ আছিল।  এই ভয়ংকৰ কাণ্ডৰ বাবে মাক-দেউতাকৰ বিৰুদ্ধে কন্যাৰ প্ৰতি দুৰ্ব্যৱহাৰৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। আনহাতে ছচিয়েল মিডিয়াত চোকা ভাষাৰে সকলোৱে সমালোচনা কৰিছে দুয়োজনক।
Published by:Manjumoni Borah
First published: