• Home
  • »
  • News
  • »
  • world
  • »
  • বিমানৰ পৰা মূৰত সৰি পৰিল মল–মূত্ৰ! আৱৰ্জনাৰে ভৰি পৰিল বাগান

বিমানৰ পৰা মূৰত সৰি পৰিল মল–মূত্ৰ! আৱৰ্জনাৰে ভৰি পৰিল বাগান

সুন্দৰ বাগানখন নিমিষতে যেন পৰিণত হ’ল ডাষ্টবিনত। যি দেখি ঘৃণাত, খঙত কি কৰিব বুজিব পৰা নাছিল লোকজনে। ঘটনাটো ব্ৰিটেইনৰ।

সুন্দৰ বাগানখন নিমিষতে যেন পৰিণত হ’ল ডাষ্টবিনত। যি দেখি ঘৃণাত, খঙত কি কৰিব বুজিব পৰা নাছিল লোকজনে। ঘটনাটো ব্ৰিটেইনৰ।

সুন্দৰ বাগানখন নিমিষতে যেন পৰিণত হ’ল ডাষ্টবিনত। যি দেখি ঘৃণাত, খঙত কি কৰিব বুজিব পৰা নাছিল লোকজনে। ঘটনাটো ব্ৰিটেইনৰ।

  • Share this:
ঘৰৰ বাগানখনত খোজকাঢ়ি আছিল এজন লোকে। হঠাৎ আকাশৰ পৰা সৰি পৰিল মল–মূত্ৰ তথা আৱৰ্জনা (Human Waste)। বাগানৰ চাৰিওফালে, আনকি লোকজনৰ শৰীৰতো পৰিল সেই বৰ্জিত সামগ্ৰী। সুন্দৰ বাগানখন নিমিষতে যেন পৰিণত হ’ল ডাষ্টবিনত। যি দেখি ঘৃণাত, খঙত কি কৰিব বুজিব পৰা নাছিল লোকজনে। ঘটনাটো ব্ৰিটেইনৰ।

ঘটনাটো যদিও কিছুদিন আগৰ, ইমানদিনে সংবাদ মাধ্যমত প্ৰকাশ পোৱা নাছিল। সম্প্ৰতি উইণ্ডছৰৰ স্থানীয় কাউন্সিলৰ কেৰেন ডেভিচে বিমান কৰ্তৃপক্ষক বিষয়টো জনোৱাৰ পিছতে ঘটনাটোৱে চৰ্চা লাভ কৰে। আচলতে বিমানৰ পৰা কোনো কাৰণত লিক হৈ মানুহৰ বৰ্জিত আহি পৰিছিল লোকজনৰ বাগানত, পৰিছিল তেওঁৰ দেহতো। এই ঘটনাৰ কথা শুনি প্ৰত্যেকেই হয়তো ভাৱিছে, এনে ঘটনা যেন তেওঁলোকৰ লগত নঘটে। স্থানীয় কাউন্সিলৰ ডেভিছৰ মতে, সেই লোকজনে বাগানত ঘূৰা–ফুৰা কৰি আছিল। সেই সময়তে এই ঘটনাটো সংঘটিত হয়। সঁচাকৈ এক অতি বেয়া অভিজ্ঞতা।

বিমানৰ সকলো বৰ্জিত সামগ্ৰী সাধাৰণতে এটা বিশেষ টেংকীৰ মাধ্যমত ৰখা হয়। লেণ্ড কৰাৰ পিছত সেয়া বাহিৰ কৰি পেলোৱা হয়। এনে ঘটনা খুব কমেই ঘটিছে। বাগানত ঘূৰি ফুৰাৰ সময়ত এনে সাংঘাতিক অভিজ্ঞতা হ’লে সেয়া সঁচাকৈ খুব অস্বস্তিকৰ। এই লোকজনৰ মনৰ অৱস্থা কেনে হ’ব পাৰে সেয়া তেওঁহে বুজিছে বুলি জনায় স্থানীয় কাউন্সিলৰ কেৰেন ডেভিছে।

কোন বিমান সংস্থাৰ বিমানৰ পৰা এই ঘটনা সংঘটিত হ’ল, সেয়া পোহৰলৈ অনা হোৱা নাই যদিও এনে ধৰণৰ ঘটনা তেওঁলোকৰ সংস্থাৰ বিমানৰ পৰা ঘটিব পাৰে বুলি বিমান সংস্থাই মানি লোৱা নাই। পিছত বিমানৰ ট্ৰেকিং এপ্লিকেচনৰ জৰিয়তে চোৱা হয় ঘটনাৰ সময়ত কোনখন বিমান সেই অঞ্চলেৰে গৈছিল। অৱশেষত বিমান সংস্থাই মানি ল’বলৈ বাধ্য হয় যে তেওঁলোকৰ বিমানৰ পৰাই এই ঘটনা সংঘটিত হৈছিল।
Published by:Sanjay Kumar Das
First published: