গৰ্ভৱতী অৱস্থাতে পুনৰ গৰ্ভধাৰণ! মহিলাৰ দ্বৈত গৰ্ভধাৰণৰ বিৰল ঘটনা, জানক সবিশেষ

News18 Assam | News18-Assam
Updated:February 9, 2021, 4:06 PM IST
গৰ্ভৱতী অৱস্থাতে পুনৰ গৰ্ভধাৰণ! মহিলাৰ দ্বৈত গৰ্ভধাৰণৰ বিৰল ঘটনা, জানক সবিশেষ
ৰবাৰ্টছে ৪৩ বছৰীয়া স্বামী ৰাইচৰ সৈতে একেলগে বাস কৰে আৰু তেওঁলোকৰ শিশুৰ কাপোৰৰ প্ৰতিষ্ঠান এটা আছে |

ৰবাৰ্টছে ৪৩ বছৰীয়া স্বামী ৰাইচৰ সৈতে একেলগে বাস কৰে আৰু তেওঁলোকৰ শিশুৰ কাপোৰৰ প্ৰতিষ্ঠান এটা আছে |

  • Share this:
চুপাৰফেটাচন হৈছে এক অত্যন্ত বিৰল ঘটনা। যাৰ ফলত এগৰাকী মহিলাই দ্বৈত গৰ্ভধাৰণ কৰিছে। এটা সন্তানৰ সৈতে ইতিমধ্যে গৰ্ভৱতী হৈ থকা মহিলাই দ্বিতীয়বাৰৰ বাবে এগৰাকী ছোৱালীৰ সৈতে গৰ্ভধাৰণ কৰিছে।

ব্ৰিটেইনৰ ৩৯ বছৰীয়া ৰেবেকা ৰবাৰ্টছ মহিলাগৰাকীয়ে তেওঁৰ যমজ সন্তান কন্যা,পুত্ৰ ক্ৰমে ৰোচলি আৰু নুহক তিনি সপ্তাহৰ ব্যৱধানত গৰ্ভধাৰণ কৰিছিল। দুই সন্তানৰ আকাৰে দুয়ো যে যমজ হয়, সেয়া মানিবলৈ সকলোকে অমান্তি কৰোৱাৰ লগতে চিকিত্সা বিজ্ঞানকো আচৰিত কৰিছে। এই চুপাৰফেটাচন ঘটনাটো অত্যন্ত বিৰল আৰু সমগ্ৰ বিশ্বতে এনে ঘটনা বৰ্তমানলৈ ১২ টা মানহে সংঘটিত হোৱাৰ ৰেকৰ্ড আছে।

ডেইলি মেইলৰ মতে, উইল্টচেয়াৰৰ ট্ৰ'ব্ৰিডজৰ বাসিন্দা মাতৃগৰাকী স্তম্ভিত হৈ পৰিছিল, যেতিয়া তেওঁ গম পাইছিল যে, তাই যমজ সন্তান আছে কিয়নো পূৰ্বে কৰা দুটাকৈ স্কেনত দ্বিতীয় ভ্ৰূণৰ কোনো লক্ষণে দেখা পোৱা নাছিল। সংবাদ ৱেবছাইটৰ সৈতে কথা পাতি ৰবাৰ্টছে কৈছিল যে, গৰ্ভৱতী হৈ থাকোতে পুনৰ গৰ্ভধাৰণ কৰাটো সম্ভৱ বুলি তেওঁৰ কোনো সময়তে ধাৰণাই কৰা নাছিল ।

যদিও বিগত বৰ্ষৰ চেপ্টেম্বৰত গৰ্ভধাৰণৰ ৩৩ সপ্তাহত চিজাৰিয়ানৰ যোগেদি শীঘ্ৰেই প্ৰসৱ কৰা হৈছিল। কন্যা সন্তান ৰোচলিৰ নাড়ীডালত এটা সমস্যা আছিল লাগিছিল । ৰোচলিৰ যমজ ভায়েকৰ জন্মৰ পাচত ৪ পাউণ্ড ১০ আউন্স ওজন থকাৰ বিপৰীতে ৰোচলিৰ ওজন কেৱল ২ পাউণ্ড ৭ আউন্স আছিল যাৰ বাবে তাইক চিকিৎসালয়তে ৰখা হৈছিল। আৰু ভায়েকক ঘৰলৈ যাব দিয়াৰ প্ৰায় আঢ়ৈ মাহ পাচতহে ৰোচলিক চিকিৎসালয়ৰ পৰা বৰদিনত এৰি দিয়া হৈছিল । পাচৰ পৰ্যায়ত ৰোচলিৰ ওজন ৭ পাউণ্ড ৪ আউন্সলৈ বৃদ্ধি হয় |

এই দম্পত্তিহালৰ ১৪ বছৰীয়া চামাৰ নামৰ আন এগৰাকী কন্যা সন্তানো আছে। দম্পত্তিয়ে এই সম্পৰ্কে জেনেটিক কাৰণ অস্বীকাৰ কৰিবলৈ পৰীক্ষা কৰিছিল কিন্তু পাচত জনোৱা হৈছিল যে 'দ্বৈত গৰ্ভধাৰণ'ৰ কাৰণটো হ'ব পাৰে মহিলাগৰাকীয়ে গ্ৰহণ কৰা এবিধ উৰ্বৰ ঔষধ যাৰ ফলত তেওঁ গৰ্ভৱতী হৈ থাকোতে পুনৰ ডিম্ব এৰি দিব পাৰে।

অৱশ্যে, একাংশ বিশেষজ্ঞ বৰ্তমানেও চুপাৰফেটাচন সম্পৰ্কত সন্দেহজনক স্থিতিত আছে |

উল্লেখ্য যে, চুপাৰফেটাচনৰ অন্তিমটো ঘটনা ২০১৬ চনত পোহৰলৈ আহিছিল। যেতিয়া এগৰাকী অষ্ট্ৰেলিয়াৰ মহিলাই ১০ দিনত দুবাৰ গৰ্ভৱতী হৈছিল আৰু ১০ দিনৰ ব্যৱধানত জন্ম দিছিল যমজ কন্যা সন্তানৰ ।
First published: February 9, 2021, 4:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি