‘বীজাণু নাশক ইনজেকশ্যন দিলে ঠিক হ’ব কোৰোণা ভাইৰাছ’-ড’নাল্ড ট্ৰাম্পৰ ফৰ্মূলা শুনি চকু কপালত উঠিল চিকিত্‍সকৰ

News18 Assam | News18-Assam
Updated:April 24, 2020, 7:13 PM IST
‘বীজাণু নাশক ইনজেকশ্যন দিলে ঠিক হ’ব কোৰোণা ভাইৰাছ’-ড’নাল্ড ট্ৰাম্পৰ ফৰ্মূলা শুনি চকু কপালত উঠিল চিকিত্‍সকৰ
Photo : aljazeera

কোৰোণা ভাইৰাছৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ

  • Share this:
সমগ্ৰ বিশ্বতে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে কোৰোণা ভাইৰাছে। প্ৰত্যেকদিনাই বিশ্বত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কোৰোণা ভাইৰাছৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ অৰ্থনীতিৰ প্ৰতিও এতিয়া ভাবুকি কঢ়িয়াই আনিছে কোৰোণাই।

তাৰ মাজতে কোৰোণা ভাইৰাছ ৰোধ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উলিয়াইছে অদ্ভুত ফৰ্মূলা। কোৰোণাত আক্ৰান্ত সকলৰ দেহত কীটনাশক দ্ৰব্যৰ ইনজেকশ্যন দিবলৈ কৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

ট্ৰাম্পে কয় যে, ‘কোৰোণাত ভাইৰাছে মানৱ দেহৰ হাওঁফাওঁ সৰ্বাধিক ক্ষতি কৰে। গতিকে কীটনাশক  ইনজেকশ্যনৰ জৰিয়তে হাওঁফাওঁ চফা কৰি কোৰোণাৰ পৰা মুক্ত কৰিব পৰা যাব। আমি এই বিষয়ে অনুসন্ধান কৰিব লাগে।’

কিন্তু চিকিত্‍সকে এতিয়া সম্পূৰ্ণ ৰূপে অস্বীকাৰ কৰিছে ড’নাল্ড ট্ৰাম্পৰ এই নতুন আইডিয়া! ট্ৰাম্পৰ এই আইডিয়া সাধাৰণ লোকৰ জীৱনৰ বাবেই ভয়াৱহ। ট্ৰাম্পৰ এই ‘অসাধাৰণ আইডিয়া’ শুনি চকু কপালত উঠিল বিশেষজ্ঞসকলৰো।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading