‘চীনৰ ওপৰত খং উঠি গৈ আছে!’ ট্ৰাম্পৰ আকৌ এবাৰ কঠোৰ হুমকি

News18 Assam | News18-Assam
Updated:July 1, 2020, 4:57 PM IST
‘চীনৰ ওপৰত খং উঠি গৈ আছে!’ ট্ৰাম্পৰ আকৌ এবাৰ কঠোৰ হুমকি
সমগ্ৰ বিশ্বত এইপৰ্যন্ত কোৰোণাত আক্ৰান্তৰ সংখ্যা ১কোটি অতিক্ৰম কৰিছে। তাৰ মাজত ৫লক্ষাধিক লোকৰ মৃত্যু হৈছে। 

সমগ্ৰ বিশ্বত এইপৰ্যন্ত কোৰোণাত আক্ৰান্তৰ সংখ্যা ১কোটি অতিক্ৰম কৰিছে। তাৰ মাজত ৫লক্ষাধিক লোকৰ মৃত্যু হৈছে। 

  • Share this:
ৱাশ্বিংটনঃ মাজত কেইদিনমান মাত্ৰ সংক্ৰমণৰ গতি কিছু স্তব্ধ হৈছিল। পুনৰ আমেৰিকাত কোৰোণাই ভয়াৱহ ৰূপ লৈছে। ইয়াতেই ক্ষুব্ধ হৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আকৌ এবাৰ চীনৰ বিৰুদ্ধে গৰ্জন দিয়ে। আমেৰিকা সহ সমগ্ৰ বিশ্বত কোৰোণা অতিমাৰী মেলি দিয়াৰ কাৰণে চীনক দায়ী কৰিছে ট্ৰাম্পে। এইবাৰ টুইটাৰত প্ৰশ্নবোধক চিহ্ন এৰি ট্ৰাম্পে লিখিছে, 'আমেৰিকাক ভয়ংকৰ ক্ষতি কৰাৰ লগতে কোৰোণা অতিমাৰীৰ কুৎসিত ৰূপটো সমগ্ৰ বিশ্বত যিমানেই বিয়পি পৰিছে সিমানেই চীনৰ ওপৰত মোৰ খং বাঢ়ি বাঢ়ি গৈ আছে।’



আমেৰিকাৰ নেচনেল ইনষ্টটিউচ অৱ এলাৰ্জী এণ্ড ইনফেকচাচ ডিজিজৰ মুৰব্বী তথা কোৰোণা বিশেষজ্ঞ এন্থনী ফৌচিয়ে ইতিমধ্যে সতৰ্ক কৰিছে আমেৰিকাৰ চৰকাৰ তথা সাধাৰণ মানুহ অধিক সচেতন নহ’লে অতি শীঘ্ৰেই আমেৰিকাত আৰু অধিক ভয়াৱহ ৰূপ ল’ব কোৰোণাই। আনকি দৈনিক ১লাখ মানুহ কোৰোণাত আক্ৰান্ত হোৱাৰ দাবী কৰিছে তেওঁ।

সমগ্ৰ বিশ্বত এইপৰ্যন্ত কোৰোণাত আক্ৰান্তৰ সংখ্যা ১কোটি অতিক্ৰম কৰিছে। তাৰ মাজত ৫লক্ষাধিক লোকৰ মৃত্যু হৈছে। আমেৰিকাতে কেৱল ২৬লাখ মানুহ আক্ৰান্ত হৈছে আৰু মৃতকৰ সংখ্যা বাঢ়ি হৈছেগৈ ১লাখ ২৭হাজাৰ।
First published: July 1, 2020, 4:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading