আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচী Howdy Modiত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। এই কথা নিশ্চিত কৰিছে হোৱাইট হাউছে। ২২ ছেপ্টেম্বৰত হাউষ্টনত মোদীয়ে সম্বোধন কৰিব প্ৰবাসী ভাৰতীয় লোকসকলক। এই কাৰ্যসূচীত ৫০ হাজাৰৰো অধিক লোক উপস্থিত থকাৰ সম্ভাৱনা আছে। Howdy Modi অনুষ্ঠানত ড’নাল্ড ট্ৰাম্প উপস্থিত থাকিব বুলি পূৰ্বৰে পৰা আশা কৰা হৈছিল।
প্ৰথমবাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে একেখন মঞ্চত হাজাৰ হাজাৰ ইণ্ডো–আমেৰিকান নাগৰিকক সম্বোধন কৰিব। আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত হৰ্ষবৰ্ধন শ্ৰীংলাই এই কাৰ্যসূচীক ঐতিহাসিক আৰু অভূতপূৰ্ব আখ্যা দিছে।
হাউষ্টনস্থিত টেক্সাছ ইণ্ডিয়া ফ’ৰামে আয়োজন কৰিছে এই কাৰ্যসূচীৰ। এনআৰজি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠানৰ। প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ শুনিবলৈ এই ষ্টেডিয়ামত ৫০ হাজাৰ লোকৰ বহাৰ ব্যৱস্থা কৰা হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 16, 2019, 11:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|