কোৰোণা ভাইৰাছক লৈ WHO–এ চীনৰ পক্ষ লোৱাৰ অভিযোগ, ক্ষুব্ধ ট্ৰাম্পে বন্ধ কৰিলে পুঁজি

News18 Assam | News18-Assam
Updated:April 15, 2020, 9:35 AM IST
কোৰোণা ভাইৰাছক লৈ WHO–এ চীনৰ পক্ষ লোৱাৰ অভিযোগ, ক্ষুব্ধ ট্ৰাম্পে বন্ধ কৰিলে পুঁজি
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বীজাণু নাশক অথবা আল্ট্ৰাভাইলেট ৰশ্মিৰ জৰিয়তে কোৰোণা সংক্ৰমণ ৰোধৰ প্ৰসংগ উল্লেখ কৰাৰ পিছতে নিউয়ৰ্কত বিগত ১৮ঘণ্টাত এনেকুৱা ৩০টা ঘটনা পোহৰলৈ আহিছে।

আমেৰিকাই অভিযোগ কৰিছে যে WHO–এ চীনত বিয়পা কোভিড–১৯ৰ গুৰুত্ব বিশ্বৰ পৰা লুকুৱাইছে যাৰ ফলত এই মহামাৰী বিশ্বজুৰি বিয়পি পৰিছে।

  • Share this:
চীনৰ পৰা বিশ্বজুৰি বিয়পি পৰা কোৰোণা ভাইৰাছৰ সংক্ৰমণে আমেৰিকাৰ দৰে শক্তিশালী দেশকো অসহায় কৰি পেলাইছে। আমেৰিকাত কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই বিষয়টোক লৈ এতিয়া ক্ষুব্ধ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্প।

ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে চীনৰ পক্ষ লোৱাৰ অভিযোগ তুলি ডব্লিউ এইচ অ’লৈ দিবলগীয়া পুঁজি বন্ধ কৰাৰ ঘোষণা কৰিছে। আমেৰিকাই অভিযোগ কৰিছে যে WHO–এ চীনত বিয়পা কোভিড–১৯ৰ গুৰুত্ব বিশ্বৰ পৰা লুকুৱাইছে যাৰ ফলত এই মহামাৰী বিশ্বজুৰি বিয়পি পৰিছে।

আমেৰিকাৰ ৰাষ্ট্রপতি ট্ৰাম্পৰ মতে WHO–এ এই মহামাৰীক লৈ বিশ্ববাসীৰ পৰা কথা লুকুৱাইছে আৰু এইক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব পৰা নাই। ট্ৰাম্পে কয় যে ৰাষ্ট্রসংঘৰ এই সংস্থাটোলৈ সৰ্বাধিক পুঁজি আগবঢ়োৱা আমেৰিকাই এতিয়া ইয়াৰ ওপৰত বিবেচনা কৰিব যে WHOক দিবলগীয়া ধনৰাশি কিদৰে ব্যৱহাৰ কৰিব পাৰি। আমেৰিকাই বিগত বৰ্ষত বিশ্ব স্বাস্থ্য সংস্থাক দিছিল ৪০০ মিলিয়ন ডলাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading