চীনক চাপত ৰাখিবলৈ এইবাৰ উইঘুৰ মুছলিম নিৰ্যাতনক লৈ বিল পাছ কৰিলে ড’নাল্ড ট্ৰাম্পে!

News18 Assam | News18-Assam
Updated:June 18, 2020, 5:39 PM IST
চীনক চাপত ৰাখিবলৈ এইবাৰ উইঘুৰ মুছলিম নিৰ্যাতনক লৈ বিল পাছ কৰিলে ড’নাল্ড ট্ৰাম্পে!
বিশেষজ্ঞৰ মতে, ট্রাম্পৰ এই পদক্ষেপৰ পিছত চীনৰ সৈতে আমেৰিকাৰ সম্পর্ক আৰু বেয়া হৈ পৰিব। 

বিশেষজ্ঞৰ মতে, ট্রাম্পৰ এই পদক্ষেপৰ পিছত চীনৰ সৈতে আমেৰিকাৰ সম্পর্ক আৰু বেয়া হৈ পৰিব। 

  • Share this:
নিউয়ৰ্কঃ লাডাখত ভাৰত–চীন সীমান্তত চৰম উত্তেজনা। তাৰ মাজতে উইঘুৰ তথা অন্যান্য সংখ্যলঘূসকলৰ ওপৰত চলোৱাৰ অভিযোগত চীনক শাস্তি দিয়াৰ প্ৰস্তাৱত স্বাক্ষৰ কৰিলে ড’নাল্ড ট্ৰাম্পে। বৃহস্পতিবাৰে উইঘুৰ মানৱাধিকাৰ এক্ট ২০২০ পাছ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে।

আমেৰিকাৰ এই পদক্ষেপত চীনৰ অস্বস্তি আৰু বাঢ়িল। চীনৰ পশ্চিম শিনজিয়াং প্রান্তত উইঘুৰ তথা অন্যান্য সংখ্যালঘুসকলৰ ওপৰত নজৰ ৰখা তথা গ্ৰেপ্তাৰ কৰা আদিৰ কাৰণে চীনৰ কৰ্তৃপক্ষৰ ওপৰত নিষেধাজ্ঞা জাৰিৰ কথা আছে এই প্ৰস্তাৱত। চীনত এনে ধৰণৰ যথেষ্ট সংখ্যক মানুহ বন্দী হৈ আছে। সেইকাৰণে চীনক শলঠেকত ৰাখিবলৈ এই পদক্ষেপ লৈছে আমেৰিকাই।

আমেৰিকাৰ কংগ্ৰেছৰ তৰফৰ পৰা এই প্ৰস্তাৱ পাছ কৰাৰ পিছত বুধবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই প্ৰস্তাৱত স্বাক্ষৰ কৰে। আমেৰিকাৰ এই কাৰ্যৰ ফলত পূৰ্বৰে পৰা বেয়া হৈ থকা চীনৰ সৈতে সম্পৰ্ক আৰু অধিক বেয়ালৈ ঢাল খোৱাৰ পূৰ্ণ আশংকা কৰিছে বিশেষজ্ঞমহলে।

Uighur sanctions bill পাছ কৰাক লৈ চীনেও দিছে প্ৰতিক্ৰিয়া।




ৱাশ্বিংটনৰ দাবী জিনজিয়াং প্রদেশত চীনা প্রশাসনে লক্ষাধিক সংখ্যালঘূ মুছলিমক কেম্পত বন্দী কৰি ৰাখিছে। তেওঁলোকক তাত অমানৱীয় জীৱন যাপন কৰিবলৈ বাধ্য কৰা হৈছে।
First published: June 18, 2020, 5:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading