আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ক’লে–কেতিয়াও ভাল ব্যৱহাৰ নকৰিলে ভাৰতে, নহয় কোনো ডাঙৰ চুক্তি

News18 Assam | News18-Assam
Updated:February 19, 2020, 5:51 PM IST
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ক’লে–কেতিয়াও ভাল ব্যৱহাৰ নকৰিলে ভাৰতে, নহয় কোনো ডাঙৰ চুক্তি
ভাৰত ভ্ৰমণৰ প্ৰাকক্ষণত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে ভাৰতৰ সৈতে তেওঁ এক ডাঙৰ চুক্তি কৰিব বিচাৰিছিল কিন্তু এতিয়া আৰু সেয়া তেওঁ নকৰে। 

ভাৰত ভ্ৰমণৰ প্ৰাকক্ষণত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে ভাৰতৰ সৈতে তেওঁ এক ডাঙৰ চুক্তি কৰিব বিচাৰিছিল কিন্তু এতিয়া আৰু সেয়া তেওঁ নকৰে। 

  • Share this:
বিশ্বৰ মহাশক্তিশালী ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণক লৈ এতিয়া উখল–মাখল পৰিৱেশ। ভাৰতত জোৰদাৰ ব্যয়বহুল প্ৰস্তুতি চলি থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য। তেওঁ কয় যে ভাৰতৰ সৈতে নৱেম্বৰ মাহৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে এক ডাঙৰ চুক্তি কৰিবলগীয়া আছিল কিন্তু এতিয়া তেওঁ সেই কাম নকৰে। ট্ৰাম্পৰ এই মন্তব্যৰ পৰা পৰিষ্কাৰ হৈ পৰিছে যে ভাৰত ভ্ৰমণৰ সময়ত ট্ৰাম্পে কোনো ডাঙৰ চুক্তি ভাৰতৰ সৈতে নকৰে। সাংবাদিকৰ সৈতে বাৰ্তালাপত ট্ৰাম্পে কয়, ‘আমি ভাৰতৰ সৈতে ব্যৱসায়ৰ বুজাবুজি কৰিব পাৰো কিন্তু ডাঙৰ চুক্তি মই পিছত কৰিম।’ ২৪ আৰু ২৫ফেব্ৰুৱাৰীত ট্ৰাম্প ভাৰত ভ্ৰমণত আহিব।

সংবাদমাধ্যমত ওলোৱা খবৰ মতে, ভাৰত আৰু আমেৰিকাৰ মাজত এই ভ্ৰমণকালত ব্যৱসায়িক পেকেজত হস্তাক্ষৰ হ’ব পাৰে। ট্ৰাম্পে এইক্ষেত্ৰত কয়, 'ভাৰতৰ সৈতে ডাঙৰ ব্যৱসায়িক চুক্তি হ’ব কিন্তু সেয়া নিৰ্বাচনৰ পূৰ্বে হ’ব নে নাই সেয়া ক’ব পৰা হোৱা নাই।’

ভাৰতৰ সৈতে ব্যৱসায়িক বুজাবুজিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলগীয়া আমেৰিকাৰ ব্যৱসায়িক প্ৰতিনিধি ৰবাৰ্ট লাইটহাইজাৰে ভাৰত যাত্ৰাৰ সময়ত ডোনাল্ড ট্ৰাম্পৰ সৈতে থাকিব। অৱশ্যে ট্ৰাম্পৰ ভ্ৰমণৰ সময়ত ব্যৱসায়িক চুক্তিৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নস্যাৎ কৰা হোৱা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, 'ভাৰতে আমেৰিকাৰ সৈতে ব্যৱসায়ত কেতিয়াও ভাল ব্যৱহাৰ কৰা নাই।’ অৱশ্যে ভাৰত ভ্ৰমণক লৈ যথেষ্ট উৎসুক ট্ৰাম্পে কয়, ‘মই প্ৰধানমন্ত্ৰী মোদীক যথেষ্ট পচন্দ কৰো।’
আৰু চাওক
পৰৱৰ্তী বাতৰি