টুইটাৰ–ফেচবুকক লৈ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক সৰৱ হোৱা দেখা গৈছে। নাইজেৰিয়াই টুইটাৰ নিষিদ্ধ কৰাৰ পিছতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বৰ আন দেশেও টুইটাৰ আৰু ফেচবুকক নিষিদ্ধ কৰা উচিত বুলি প্ৰকাশ কৰে। কালি মঙলবাৰে প্ৰকাশ কৰা এক বিবৃতিত ট্ৰাম্পে দেশসমূহক টুইটাৰ আৰু ফেচবুক বন্ধ কৰিবলৈ আহ্বান জনায়।
আনহাতে ট্ৰাম্পে নাইজেৰিয়ান চৰকাৰে টুইটাৰ নিষিদ্ধ কৰাৰ বাবে দেশখনক আদৰণি জনায়। তেওঁৰ মতে বিশ্বৰ আন দেশসমূহেও নাইজেৰিয়াক অনুসৰণ কৰা উচিত। উল্লেখ্য, এসময়ত ফেচবুক আৰু টুইটাৰত সঘনাই পোষ্ট দিয়া ট্ৰাম্পক টুইটাৰত স্থায়ীভাৱে নিষিদ্ধ কৰা হৈছে। ফেচবুকতো তেওঁৰ নিষেধাজ্ঞা আৰু দুবছৰৰ বাবে বৃদ্ধি কৰা হৈছে। এতিয়া ট্ৰাম্প সামাজিক মাধ্যমত নিষিদ্ধ হোৱাৰ বাবে যথেষ্ট খঙত আছে। কাৰণ তেওঁ আগৰ দৰে তেওঁৰ অনুৰাগী আৰু সমৰ্থকৰ সৈতে যোগাযোগ ৰাখিবলৈ সক্ষম নহয়।
ফলস্বৰূপে, তেওঁ এতিয়া বিভিন্ন বিষয়ত সঁহাৰি দিবলৈ কাগজৰ আশ্ৰয় ল'ব লগা হৈছে। ছ'চিয়েল মিডিয়াত সকলো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ মুক্ত সুযোগ আছে বুলি নিজৰ মতামত ব্যক্ত কৰি ট্ৰাম্পে কয় যে যদি টুইটাৰ–ফেচবুক বন্ধ কৰা হয়, তেন্তে আন সামাজিক মাধ্যমৰ পথ মুকলি হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|