আগুৱাই আছে বাইডেন, হাৰিবলৈ ৰাজি নহয় ট্ৰাম্পো, এৰা নাই কোনো অভিযোগ

News18 Assam | News18-Assam
Updated:November 4, 2020, 1:30 PM IST
আগুৱাই আছে বাইডেন, হাৰিবলৈ ৰাজি নহয় ট্ৰাম্পো, এৰা নাই কোনো অভিযোগ
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংখ্যাগৰিষ্ঠতাৰ বাবে মেজিক নম্বৰ হৈছে ২৭০।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংখ্যাগৰিষ্ঠতাৰ বাবে মেজিক নম্বৰ হৈছে ২৭০।

  • Share this:
মাৰ্কিন মুলুকত মছনদ দখলৰ দাবীদাৰ হিচাপে অধিক স্পষ্ট হৈ পৰিছে জো বাইডেনৰ নাম। কিন্তু পৰাজয়ৰ পূৰ্বেই হাৰ মানিবলৈ ৰাজি নহয় ট্ৰাম্প। ইতিমধ্যে ফ্লৰিডা আৰু টেক্সাছ দখল কৰিছে ট্ৰাম্পে। কিন্তু মিনেছোটাৰ দৰে আসন হাত পৰা ওলাই গৈছে। কিন্তু সংখ্যামতে ২২০খন আসনত আঘুৱাই আছে জো বাইডেন। ট্ৰাম্পৰ ফালে এইপৰ্যন্ত ২১৩খন আসন।

এই সময়তে টুইট কৰি ক্ষোভ উজাৰিলে ট্ৰাম্পে। ট্ৰাম্পৰ দাবী আছিল, ডেম’ক্ৰেটিক পাৰ্টীয়ে ভোট খেলিমেলিৰ চেষ্টা কৰিছে। চুৰি শব্দটোত আপত্তিৰ বাবে লগে লগে ট্ৰাম্পৰ টুইট আঁতৰাই দিয়ে টুইটাৰে। নিশা ভাষণ দিয়াৰ কথাও ঘোষণা কৰিছে ট্ৰাম্পে য’ত থাকিব ৪০০ অতিথি।

নিউ মেক্সিকো, ভাৰমেণ্ট, কানেক্টিকাট, নিউ হেম্পশ্বায়াৰ, ৱাশ্বিংটন বা কেলিফৰ্ণিয়াৰ দৰে অঞ্চল দখল কৰি আত্মবিশ্বাসী বাইডেন। বাইডেনে কয় মই ভোটত জয়ৰ দিশে আছো। কিন্তু শেষ ভোটগণনা পৰ্যন্ত অপেক্ষা কৰিব লাগিব।

উল্লেখযোগ্য যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংখ্যাগৰিষ্ঠতাৰ বাবে মেজিক নম্বৰ হৈছে ২৭০। এতিয়ালৈ চূড়ান্ত ফলাফল আহিবলৈ বহুখিনি বাকী। গতিকে এতিয়াই জয়ী বুলি ক’ব নোৱাৰি, তথাপি ট্ৰেণ্ড মতে আগুৱাই আছে বাইডেন।
First published: November 4, 2020, 12:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি