‘বন্ধু মোদীয়ে কৈছে, মোক আদৰিবলৈ বোলে লক্ষাধিক লোক আহিব’ ভাৰতলৈ আহিবলৈ আগ্ৰহেৰে অপেক্ষা ডনাল্ড ট্ৰাম্পৰ

News18 Assam | News18-Assam
Updated:February 12, 2020, 7:47 PM IST
‘বন্ধু মোদীয়ে কৈছে, মোক আদৰিবলৈ বোলে লক্ষাধিক লোক আহিব’ ভাৰতলৈ আহিবলৈ আগ্ৰহেৰে অপেক্ষা ডনাল্ড ট্ৰাম্পৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিব

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিব

  • Share this:
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিব। নিজৰ প্ৰথমটো ভাৰত ভ্ৰমণকলৈ এতিয়া উৎসাহী হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বহুত ভাল বন্ধু বুলি কৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ট্ৰাম্পে কৈছে যে, ‘মোদী মোৰ বহুত ভাল বন্ধু। তেওঁ বৰ ভাল মানুহ। আশা কৰো আমাৰ সম্বন্ধ আৰু দৃঢ় হ’ব।’ ট্ৰাম্পে লগতে কয় যে, মই এতিয়া ভাৰতলৈ যাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছো।’



ভাৰত ভ্ৰমণকলৈ ট্ৰাম্পে কয় যে, ‘আমেৰিকাত সাধাৰণতে যিমান সংখ্যক মানুহক সম্বোধন কৰো, এতিয়া মই সিমানত সন্তুষ্ট নহও। তাত জনসভাত ৪০,৫০ হাজাৰ মানুহ হয়। ’ ট্ৰাম্পে লগতে কয় যে, ‘মোক বন্ধু মোদীয়ে কৈছে, মোক আদৰিবলৈ লাখৰ ঘৰত মানুহ আহিব। তাত বিমানবন্দৰৰ পৰা আহমেদাবাদলৈকে প্ৰায় ৫০ৰ পৰা ৭০ লাখ মানুহ হ’ব।’
আৰু চাওক
পৰৱৰ্তী বাতৰি