মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »অহামাহত ভাৰতলৈ আহি আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প!

অহামাহত ভাৰতলৈ আহি আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প!

সূত্ৰমতে ফেব্ৰুৱাৰী মাহৰ শেষৰ পালে ডনাল্ড ট্ৰাম্প আহিব পাৰে ভাৰতলৈ। 

সূত্ৰমতে ফেব্ৰুৱাৰী মাহৰ শেষৰ পালে ডনাল্ড ট্ৰাম্প আহিব পাৰে ভাৰতলৈ। 

সূত্ৰমতে ফেব্ৰুৱাৰী মাহৰ শেষৰ পালে ডনাল্ড ট্ৰাম্প আহিব পাৰে ভাৰতলৈ। 

  • Share this:
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প অহামাহত ভাৰতলৈ আহিব পাৰে। সূত্ৰৰ খবৰ মতে, ডনাল্ড ট্ৰাম্প ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ভাৰতলৈ আহিব পাৰে। এইপৰ্যন্ত দুয়োখন ৰাষ্ট্ৰৰ চৰকাৰে অৱশ্যে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। কূটনীতিবিদসকলে জনোৱামতে দুইখন ৰাষ্ট্ৰৰ মাজত উচ্চ পৰ্যায়ৰ কাৰ্যব্যৱস্থা লৈ চৰ্চা চলি আছে।

উল্লেখযোগ্য যে ভাৰত চৰকাৰে ডনাল্ড ট্ৰাম্পক ইয়াৰ আগতে দুবাৰ নতুন দিল্লীলৈ অহাৰ আমন্ত্ৰণ জনাইছিল। জুন ২০১৭বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতলৈ আহিবলৈ ট্ৰাম্পক নিমন্ত্ৰণ জনাইছিল। যোৱা বছৰতো গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীক নিমন্ত্ৰণ জনোৱা হৈছিল। দুয়োবাৰতে ট্ৰাম্পৰ ভাৰত ভ্ৰমণ বাতিল হৈছিল। যোৱাবছৰ ছেপ্তেম্বৰ মাহত নৰেন্দ্ৰ মোদীয়ে ‘হাউডি মোদী’ কাৰ্যসূচীত অংশ ল’বলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল। সেইবাৰো মোদীয়ে ট্ৰাম্পক আকৌ এবাৰ ভাৰতলৈ অহাৰ কাৰণে নিমন্ত্ৰণ জনাইছিল। যদি ফেব্ৰুৱাৰী–মাৰ্চ মাহৰ ভিতৰত ট্ৰাম্প ভাৰতলৈ নাহে তেনেহ’লে ৰাষ্ট্ৰপতি হিচাপে এই কাৰ্যকালত আৰু তেওঁৰ ভাৰতলৈ অহা হয়তো নহয়। অহা নৱেম্বৰ মাহত ৰাষ্ট্ৰপতি নিৰ্বাচন গতিকে এতিয়া তেওঁ তাতেই ব্যস্ত হৈ পৰিব।

শেহতীয়া বাতৰি