আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত বাইডেন, ট্ৰাম্পে ক’লে – ‘ময়েই জয়ী হৈছো’

News18 Assam | News18-Assam
Updated:November 8, 2020, 9:42 AM IST
আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত বাইডেন, ট্ৰাম্পে ক’লে – ‘ময়েই জয়ী হৈছো’
ইতিমধ্যে মাৰ্কি যুক্তৰাষ্ট্ৰৰ সকলো নাগৰিকক টুইটাৰযোগে ধন্যবাদ জনাইছে বাইডেনে।

ইতিমধ্যে মাৰ্কি যুক্তৰাষ্ট্ৰৰ সকলো নাগৰিকক টুইটাৰযোগে ধন্যবাদ জনাইছে বাইডেনে।

  • Share this:
৪৬সংখ্যক মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল জো বাইডেন। মাৰ্কিন ৰাষ্ট্রপতি হিচাপে ঘোষিত হ’ল জো বাইডেনৰ নাম। মাৰ্কিন মছনদ দখলৰ বাবে প্ৰয়োজনীয় সংখ্যা আছিল ২৭০। পেনছিলভেনিয়াত জয়লাভ কৰিয়ে সেই মেজিক নাম্বাৰ লাভ কৰাৰ পিছতে নিশ্চিত হয় যে আমেৰিকাত ট্ৰাম্প শাসনৰ অৱসান ঘটাই মছনদ দখল কৰিলে বাইডেনে।

আনহাতে, শনিবাৰে নিজকে বিজয়ী ঘোষণা কৰে ট্ৰাম্পে। দ্য নিউয়ৰ্ক টাইমছৰ খবৰ অনুসৰি, এইবাৰৰ নিৰ্বাচনত বাইডেনে সংগ্ৰহ কৰিছে ২৯০টা ইলেক্টৰেল বেলট। ট্ৰাম্প শিবিৰৰ দখলত ২১৪টা ভোট।

টুইটাৰত ট্ৰাম্পে লিখিছে, ‘এই নিৰ্বাচনত মই জয়ী হৈছো, সেয়া বৃহৎ ব্যৱধানত।’ টুইটাৰে অৱশ্যে ট্ৰাম্পৰ সেই টুইটৰ সৈতে সেই মেছেজ দিছিল যে যেতিয়া এই টুইট কৰা হৈছিল তেতিয়া সম্ভৱত চৰকাৰী সূত্ৰৰ ফালৰ পৰা ভোটৰ ফলাফল বা ৰিজাল্ট প্ৰকাশ কৰা হোৱা নাই। নিৰ্বাচনত ভোট খেলিমেলিৰ অভিযোগ তোলে ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, ভোট কেন্দ্ৰৰ ভিতৰত খেলিমেলি হৈছে। পেনছিলভেনিয়াত লক্ষ লক্ষ ভোট অবৈধভাৱে লোৱা হৈছে।


ইতিমধ্যে মাৰ্কি যুক্তৰাষ্ট্ৰৰ সকলো নাগৰিকক টুইটাৰযোগে ধন্যবাদ জনাইছে বাইডেনে। টুইটত তেওঁ কয়, ‘আপোনালোক সকলোৱে আমাৰ মহান দেশৰ নেতৃত্বৰ বাবে মোক নিৰ্বাচিত কৰিছে। ইয়াৰ বাবে আপোনালোকৰ সকলোৰে ওচৰত কৃতজ্ঞ। আগন্তুক দিনত বহু কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। কিন্তু মই কথা দিছো, মই সকলোৰে ৰাষ্ট্ৰপতি হৈ উঠিম’।

Published by: Sanjay Kumar Das
First published: November 8, 2020, 9:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading