আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এগৰাকী আমেৰিকান পৰ্ণ ছবিৰ অভিনেত্ৰীক দিব লাগিব ৩৩লাখ টকা। আমেৰিকাৰ আদালতৰ এই নিৰ্দেশ ৰাষ্ট্ৰপতিগৰাকী। এই বিতৰ্কিত পৰ্ণ ষ্টাৰ ষ্ট্ৰেমী ডেনিয়েলছে ট্ৰাম্পৰ সৈতে সম্পৰ্ক ৰক্ষাৰ কথা উল্লেখ কৰাৰ লগতে নিৰ্বাচনৰ সময়ত ট্ৰাম্পে মুখ বন্ধ ৰাখিবলৈ টকা দিয়াৰ কথাও উল্লেখ কৰিছিল। অৱশ্যে ড’নাল্ড ট্ৰাম্পে ইমানদিনে এই অভিযোগ নস্যাৎ কৰি আহিছিল। কেলিফৰ্নিয়াৰ আদালতে ট্ৰাম্পক এই নিৰ্দেশ দিয়াৰ পিছতে টুইটাৰত ডেনিয়েলছে উৎফুল্লিত হৈ প্ৰকাশ কৰিছে মনৰ ভাৱ।
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এতিয়া আদালতৰ নিৰ্দেশ মতে ষ্ট্ৰমী ডেনিয়েলছৰ আইনী যুঁজৰ খৰছ হিচাপে ৩৩লাখ টকা দিব লাগিব।
ডেনিয়েলছ যাৰ প্ৰকৃত নাম ষ্টেফানি ক্লিফ’ৰ্ড ট্ৰাম্পৰ প্ৰাক্তন ব্যক্তিগত সচিব মাইকেল ক’হানৰ সৈতে কৰা নন ডিছক্লজাৰ চুক্তি বাতিল কৰিবলৈ ২০১৮চনত আদালতৰ দ্বাৰস্থ হৈছিল।
পৰ্ণ ষ্টাৰ গৰাকীয়ে দাবী কৰা মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাত্ৰ ১১দিন পূৰ্বে কহেনে ট্ৰাম্পৰ হৈ তেওঁক ১৩০,০০০ ডলাৰ প্ৰদান কৰিছিল।
এই কেচ সন্দৰ্ভত দুয়ো পক্ষই মনে মনে নথকাৰ কাৰণে নন ডিছক্লজাৰ এগ্ৰীমেণ্ট বাতিল কৰাক লৈ ডেনিয়েলছৰ কেচ শুনানিৰ পূৰ্বেই বাতিল হৈছিল কিন্তু ট্ৰাম্পে দিব নিবিচাৰিলেও এতিয়া আদালতৰ নিৰ্দেশ মতে আইনী যুঁজৰ খৰছ তেওঁ ডেনিয়েলছক দিব লাগিব। স্বাভাৱিকতে আগন্তুক নিৰ্বাচনত ট্ৰাম্পৰ ওপৰত ইয়াৰ বিৰুপ প্ৰভাৱ পৰাটো নিশ্চিত।
FIRST PUBLISHED : August 24, 2020, 11:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।