உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • চকুত চকুপানী, খাবলৈ দিলেও নাখায়! হাস্পতালৰ ভিতৰত চলিছে মালিকৰ চিকিৎসা, ৬ দিন ধৰি হাস্পতালৰ বাহিৰত পোহনীয়া কুকুৰৰ অপেক্ষা

    চকুত চকুপানী, খাবলৈ দিলেও নাখায়! হাস্পতালৰ ভিতৰত চলিছে মালিকৰ চিকিৎসা, ৬ দিন ধৰি হাস্পতালৰ বাহিৰত পোহনীয়া কুকুৰৰ অপেক্ষা

    পোহনীয়া কুকুৰে মালিক সুস্থ হৈ উঠালৈ ৬ দিন ধৰি অপেক্ষা কৰিছে হাস্পতালৰ ভিতৰত।

    পোহনীয়া কুকুৰে মালিক সুস্থ হৈ উঠালৈ ৬ দিন ধৰি অপেক্ষা কৰিছে হাস্পতালৰ ভিতৰত।

    পোহনীয়া কুকুৰে মালিক সুস্থ হৈ উঠালৈ ৬ দিন ধৰি অপেক্ষা কৰিছে হাস্পতালৰ ভিতৰত।

    • Share this:
    নিজৰ মালিকৰ বাবে অত্যন্ত বিশ্বাসী পোহনীয়া কুকুৰ। পোহনীয়া কুকুৰে কেতিয়াও নিজৰ মালিকৰ অনিষ্ঠ নকৰে। মালিকৰ দুখে সুখে সদায় কাষত থাকে পোহনীয় কুকুৰটো।

    তেনে এটি পোহনীয়া কুকুৰ শেহতীয়াকৈ চৰ্চালৈ আহিছে। তুৰ্কীৰ পৰা আহিছে এই খবৰ। মালিকৰ প্ৰতি কুকুৰটোৰ মৰম দেখি আচৰিত হ'ব আপুনি। হাস্পতালত মালিকৰ চিকিৎসা চলি আছিল। আৰু মালিক সুস্থ হৈ উঠাৰ অপেক্ষাত ৬ দিন ধৰি হাস্পতালৰ বাহিৰত ৰৈ আছিল পোহনীয়া কুকুৰটো। কুকুৰটোৱে মালিকৰ অসুস্থতাৰ দিন ধৰি ভালকৈ একো খোৱা নাই। আনকি অনবৰতে চকুত দেখা গৈছে চকুপানী। কুকুৰটোৰ এটা ভিডিঅ' এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।



    মিডিয়া ৰিপৰ্ট অনুসৰি, তুৰ্কীৰ উত্তৰ-পূৱ চহৰ ট্ৰেবজোনত ৬৮ বছৰীয়া এগৰাকী ব্যক্তি মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈছিল। আৰু তেওঁক যোৱা ১৪ জানুৱাৰীত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বোনক নামৰ কুকুৰটোৱে যেতিয়া গম পালে যে, তাৰ মালিকক অসুখ আৰু হাস্পতাললৈ লৈ যাবলৈ সাজু হৈছে। লগে লগে এম্বুলেন্সখনক অনুকৰণ কৰি পিছে পিছে হাস্পতাল পাইগৈ কুকুৰটো।


    আৰু পিছত যেতিয়া মালিক কিছউ পৰিমাণে সুস্থ হৈ উঠে, তেতিয়া কুকুৰটোৰ সৈতে মালিকৰ মুহূৰ্তটোৱে সকলোকে আবেগিক কৰি তোলে।
    Published by:Himangshu Bhuyan
    First published: